আজি গুৱাহাটী প্ৰেছ ক্লাবত চাহ শ্ৰমিক মজুৰি বৃদ্ধি যৌথ সংগ্ৰাম সমিতিৰ উদ্যোগত চাহ শ্ৰমিকৰ ন্যূনতম মজুৰি ৩৫১.৩৩ টকা নিৰ্ধাৰণৰ দাবীত বিৰোধী ৰাজনৈতিক দলৰ অংশগ্ৰহণত এখন সভা অনুষ্ঠিত হয় ।
৫টা ট্ৰেড ইউনিয়ন আৰু ৩টা সামাজিক সংগঠনৰ একতাত জন্ম হোৱা চাহ শ্ৰমিক মজুৰি বৃদ্ধি যৌথ সংগ্রাম সমিতিৰ বিষয়-ববীয়াই আঁতধৰা সভাখনত উপস্থিত থাকে কেইবাটাও বিৰোধী ৰাজনৈতিক দলৰ প্ৰতিনিধি ।
চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি প্ৰসংগটো কেনেদৰে চৰকাৰৰ দৃষ্টিগোচৰ কৰি সমস্যাটো সমাধান কৰিব পাৰি তাকে লৈ অনুষ্ঠিত হোৱা সভাখনত উপস্থিত থাকে আম আদমী পাৰ্টীৰ হৈ ডক্টৰ ভূপেন চন্দ্ৰ চৌধুৰী, এল ডি পিৰ গুণ গগৈ, চি পি আই (এম এল)ৰ হৈ জিণ্টু গগৈ, চি পি আই (এম)ৰ দেৱেন ভট্টাচাৰ্যৰ উপৰি বহুসংখ্যক গণ্য-মান্য ব্যক্তি ।
চাহ শ্ৰমিকসকলৰ এই মজুৰি বৃদ্ধিৰ সমস্যাটো অচিৰেই সমাধান কৰাৰ বাবে প্ৰতিটো ৰাজনৈতিক দলে সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷
লগতে অহা ২০ আগষ্টত চাহ শ্ৰমিক মজুৰি বৃদ্ধি যৌথ সংগ্ৰাম সমিতিয়ে মজুৰি বৃদ্ধিৰ দাবীত আহ্বান জনোৱা বাগিচা বন্ধ কাৰ্যসূচী সফল কৰাৰ বাবে সকলো বিৰোধী ৰাজনৈতিক দলে সমৰ্থন আগবঢ়াব বুলি জানিবলৈ দিয়ে ।
- Log in to post comments
- 22 views