মাজুলীত ২৮ কোটিৰ প্ৰকল্পত ব্যাপক অনিয়ম, ৪ মাহতে বিধ্বস্ত নিৰ্মীয়মাণ পথ

মাজুলীত ২৮ কোটিৰ প্ৰকল্পত ব্যাপক অনিয়ম, ৪ মাহতে বিধবস্ত নিৰ্মীয়মাণ পথ

মাত্ৰ ৪ মাহতে বিধ্বস্ত হৈ পৰিল ২৭ কোটি ৪২ লাখ ৮ হেজাৰ টকাৰ মাজুলী ৰোড প্ৰকল্প । উল্লেখ্য যে ২০১৬-১৭ বিত্তীয় বৰ্ষৰ কেন্দ্রীয় সংৰক্ষিত পুঁজি চমুকৈ চি আৰ এফৰ অধীনত মাজুলী ৰোডৰ উন্নয়নৰ লক্ষ্যৰে যোৱাবছৰৰ ১৮ জুনত মাজুলীৰ স্হানীয় বিধায়ক তথা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আধাৰশিলা স্হাপন কৰে ৷

সম্প্ৰতি লখিমপুৰৰ এগৰাকী ঠিকাদাৰে প্ৰকল্পৰ কাম লাভ কৰি ৰূপায়ণ কৰি আছে । ঐতিহাসিক আউনীআটী সত্ৰ-বনগাঁও সংযোগী প্ৰায় ১৮.৪০ কিলোমিটাৰ দৈৰ্ঘ্যৰ মাজুলী ৰোডৰ নিৰ্মাণকাৰ্য আৰম্ভ কৰে আউনীআটী সত্ৰৰ পৰা ।

মাজুলীত ২৮ কোটিৰ প্ৰকল্পত ব্যাপক অনিয়ম, ৪ মাহতে বিধবস্ত নিৰ্মীয়মাণ পথ

সেইমতে বৰ্তমান মাজুলী ৰোডৰ অন্তৰ্গত আউনীআটীৰ পৰা কমলাবাৰী চাৰিআলিলৈ নিৰ্মাণকাৰ্য সম্পূর্ণ হৈছিল যদিও বিসংগতি, আসোঁৱাহপূৰ্ণ তথা নিম্নমানেৰে নিৰ্মাণ কৰাৰ পৰিপ্রেক্ষিতত পথটোৰ খৰিছাখোৱা অংশত সম্প্ৰতি বিধবস্ত হৈ পৰিছে ।

সংশ্লিষ্ট গড়কাপ্তানী বিভাগৰ বিষয়া-কৰ্মচাৰী আৰু ঠিকাদাৰৰ মাজত হোৱা গোপন বুজাবুজিৰ বাবে আঁচনিৰ বিভিন্ন অংশত পেভাৰ ব্লক বহি, পেভাৰ ব্লক উঠা-নমা হোৱা, ছাইড বান্ধ বৰষুণৰ পানীত খহি পৰা আদিৰ লগতে কমলাবাৰী চাৰিআলি আৰু আউনীআটীৰ মাজত থকা খৰিছাখোৱা অংশত পেভাৰ ব্লকবোৰ বহি গৈ বিধবস্ত হোৱা পৰিলক্ষিত হৈছে ।

কিন্তু ঠিকাদাৰী পক্ষই  জনৰোষত পৰাৰ ভয়ত বিধবস্ত হৈ পৰা পেভাৰ ব্লকবোৰ মেৰামতিৰ প্ৰস্তুতি চলোৱাৰ সময়তে যোৱা ১৪ আগষ্টৰ বিয়লি ৪ বজাত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মাজুলী জিলা সমিতিৰ সভাপতি জগত হাজৰিকাৰ নেতৃত্বত এটা প্ৰতিনিধি দলে পৰিদৰ্শন কৰোঁতে আঁচনিৰ বিসংগতি তথা অনিয়মৰ সকলো কথা স্পষ্ট হৈ পৰে ।

মাজুলীত ২৮ কোটিৰ প্ৰকল্পত ব্যাপক অনিয়ম, ৪ মাহতে বিধবস্ত নিৰ্মীয়মাণ পথ

সংগঠনটোৰ পৰিদৰ্শনৰ কথা গম পাই ঠিকাদাৰী পক্ষই ১৪ আগষ্টৰ নিশা প্ৰায় বাৰ বজাত ট্ৰাকৰ পোহৰত পুনৰ বিসংগতিপূৰ্ণভাৱে পেভাৰ ব্লকখিনি সংস্হাপন কৰাৰ চেষ্টা কৰে ।

ঠিকাদাৰ আৰু বিভাগীয় কৰ্তৃপক্ষৰ গোপন বুজাবুজিৰে নিৰ্মাণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মাজুলী জিলা সমিতিয়ে ।

বহি যোৱা ব্লকসমূহ পথটোৰ ওপৰতে অসংযতভাৱে ৰখাত দুৰ্ঘটনা সংঘটিত হোৱাৰ তীব্ৰ আশংকা প্ৰকাশ কৰি  অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মাজুলী জিলা সমিতিৰ সভাপতি জগত হাজৰিকাই উক্ত পথটো প্ৰত্যক্ষ কৰি পথটো নিৰ্মাণ কৰা ঠিকাদাৰী পক্ষক তীব্ৰ গৰিহণা দি কয় যে পথটোৰ নিৰ্মাণকাৰ্য আৰম্ভ হওঁতেই বিসংগতিৰে নিৰ্মাণ কৰাৰ ফলতেই পথে এনেকুৱা ৰূপ লৈছে ।

মাজুলীত ২৮ কোটিৰ প্ৰকল্পত ব্যাপক অনিয়ম, ৪ মাহতে বিধবস্ত নিৰ্মীয়মাণ পথ

এই সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষ, ঠিকাদাৰী পক্ষ, মাজুলী জিলা প্ৰশাসনক নিৰ্মাণকাৰ্যত বিসংগতিৰ কথা বাৰম্বাৰ জনাই অহাৰ পাছতো জিলা প্ৰশাসন আৰু বিভাগীয় কৰ্তৃপক্ষই কোনো গুৰুত্ব নিদিয়াৰ ফলতেই পথটোত এনে বিসংগতি পৰিলক্ষিত হৈছে বুলি আক্ষেপ কৰে সভাপতিগৰাকীয়ে ।

উল্লেখ্য যে মুখ্য মন্ত্ৰীৰ দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাক অংগুষ্ঠ প্ৰদৰ্শন কৰি ঠিকাদাৰী পক্ষই মইমতালিৰে নিৰ্মাণ কৰাৰ ফলতেই এতিয়া পথচাৰীয়ে যন্ত্ৰণা ভুগিবলগীয়া হৈছে ।

ইপিনে উক্ত পথটোৰ নিৰ্মাণকাৰ্যত আসোঁৱাহ থকাৰ সন্দৰ্ভত  সংগঠনটোৱে যোৱা ৯ আগষ্টত মাজুলী ভ্ৰমণলৈ অহা মুখ্য মন্ত্ৰীক সাক্ষাৎ কৰি স্মাৰক-পত্ৰ প্ৰদান কৰি হস্তক্ষেপৰ দাবী জনাইছিল ।

এতিয়া পথটো শীঘ্ৰে প্ৰাক্‌কলনৰ মতে আসোঁৱাহমুক্ত কৰাৰ লগতে জিলা প্ৰশাসন আৰু বিভাগীয় কৰ্তৃপক্ষক ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে ।

Your Comments