নিউজ এএছএনৰ বাতৰিৰ প্ৰভাৱঃ তামুলপুৰ বৈদ্যুতিক উপ-সংমণ্ডলৰ দুৰ্নীতি ফাদিল

নিউজ এএছএনৰ বাতৰিৰ প্ৰভাৱ : তামুলপুৰ বৈদ্যুতিক উপ-সংমণ্ডলৰ দুৰ্নীতি ফাদিল

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ বৈদ্যুতিক উপ-সংমণ্ডলত বিদ্যুৎ বিলৰ ধনক লৈ বৃহৎ দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছিল । অভিযোগ অনুসৰি টকা দিলে নোহোৱা কৰি দিয়ে আদায় দিব থকা বিলৰ মাচুলৰ তথ্য ।

এনে এক ঘটনা ঘটিছিল বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত মতিগাঁৱৰ হস্তবাহাদুৰ চেত্ৰীৰ পৰিয়ালত । এই দুৰ্নীতিৰ তথ্য ইতিপূৰ্বে নিউজ এএছএনত প্ৰকাশ হৈছিল ।

জানিব পৰামতে, হস্তবাহাদুৰৰ পৰিয়ালৰ ২,২২,৮৭৫ টকা বিল আদায় দিব আছিল ৷ কিন্তু যোৱা আঠমাহ আগতে হস্তবাহাদুৰৰ পুত্ৰ পৰশুৰাম থাপা আৰু একেখন গাঁৱৰ পুষ্প চেত্ৰীৰ সৈতে গৈ ৫৫ হাজাৰ টকা দিয়ে তামুলপুৰ বৈদ্যুতিক উপ-সংমণ্ডলৰ প্ৰবন্ধক প্ৰভাত চন্দ্ৰ কলিতাক ।

tamulpur

৫৫ হাজাৰ টকা দিয়াৰ পিছত প্ৰবন্ধক কলিতাই তেওঁক বিলৰ মাচুল ৰেহাই দিম বুলি কয় আৰু উক্ত পৰিয়ালৰে সৰু পুত্ৰ বিকাশ থাপাৰ নামত অন্য এটি বৈদ্যুতিক সংযোগ কৰি দিয়ে ।

প্ৰবন্ধকগৰাকীয়ে ৫৫ হাজাৰ টকা গ্ৰহণ কৰে যদিও পৰশুৰামক কোনোধৰণৰ ধন প্ৰপ্তিৰ ৰচিদ নিদিলে । কিন্ত যোৱা ৩ আগষ্টত পুনৰ বিকাশ থাপাৰ ১৭৪ টকাৰ বিলৰ সৈতে পিতৃ হস্তবাহাদুৰ চেত্ৰীৰ নামত ২,২২,৮৭৫ টকাৰ এখন বিল পোৱাত জ্যেষ্ঠ পুত্ৰ পৰশুৰাম থাপাৰ চকু কপালত উঠে ।

এই সম্পৰ্কত তেওঁ সংবাদ মাধ্যমক অৱগত কৰি কয় যে তেওঁ পিতৃ হস্তবাহাদুৰ চেত্ৰীৰ নামত অহা ২,২২,৮৭৫ টকাৰ ৫৫ হাজাৰ টকা তেওঁ আৰু পুষ্পৰাম চেত্ৰীৰ সৈতে গৈ তামুলপুৰ বৈদ্যুতিক উপ-সংমণ্ডলৰ প্ৰবন্ধক প্ৰভাত চন্দ্ৰক কলিতাক নিজ হাতেৰে দিছিল । কিন্তু তেঁও নিজ হাতেৰে দিয়া টকাখিনি কোনো হিচাপ এইবাৰৰ বিলত নাথাকিল ।

মুঠ বিলৰ মাচুল ২,২২,৮৭৫ টকাৰ পৰা বিষয়াজনক তেওঁ প্ৰদান কৰা ৫৫ হাজাৰ টকা হ্ৰাস হৈ আহিব লাগিছিল যদিও তেনে নোহোৱাত টকাখিনি বিষয়াগৰাকীয়ে কাৰ্যালয়তে হৰণলুকি কৰা বুলি বিষয়াগৰাকীলৈ সন্দেহৰ আঙুলি তুলিছিল ।

এই সম্পৰ্কে বিতংকৈ নিউজ এএছএনত বাতৰি প্ৰচাৰ হোৱাৰ পিছত বৃহস্পতিবাৰে তামুলপুৰ মহকুমা ছাত্ৰ সন্থা আৰু তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাই তামুলপুৰ উপ-সংমণ্ডলৰ কাৰ্যালয়ত প্ৰবন্ধক প্ৰভাত চন্দ্ৰ কলিতাক সমগ্ৰ ঘটনাটোৰ সম্পৰ্কত জবাবদিহি কৰাত বিষয়াগৰাকীয়ে সমগ্ৰ ঘটনাটোকে অস্বীকাৰ কৰে ।

tamulpur

এনে অৱস্থাত ভুক্তভোগী চেত্ৰীৰ পৰিয়ালৰ সদস্যই ৫৫ হাজৰ টকা প্ৰভাত চন্দ্ৰ কলিতাক দিয়া বুলি আৰু তেওঁ উক্ত টকা নিজহাতে গ্ৰহণ কৰা বুলি কোৱাত বিষয়াগৰাকীয়ে ছাত্ৰ সংগঠনটোৰ আগত প্ৰত্যক্ষভাৱে দোষ স্বীকাৰ নকৰে যদিও শুকুৰবাৰে ৫৫ হাজাৰ টকা ঘূৰাই দিম বুলি এক লিখিত প্ৰতিশ্ৰুতি দি তৎমুহূৰ্ততে উক্ত স্থানৰ পৰা আঁতৰি যায় ।

তাৎপৰ্যপূৰ্ণভাৱে প্ৰবন্ধক প্ৰভাত চন্দ্ৰ কলিতাই যদি উক্ত টকাখিনি লোৱাই নাছিল তেন্তে তেওঁ কিয় ঘূৰাই দিম বুলি প্ৰতিশ্ৰুতি দিলে সি এতিয়া সকলোৰে মাজত এক চৰ্চাৰ বিষয় হৈ পৰিছে ।

এই ঘটনাৰ পিছতেই তামুলপুৰ মহকুমা ছাত্ৰ সন্থা আৰু তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাই অভিযোগ কৰি কয় যে তামুলপুৰ বৈদ্যুতিক উপ-সংমণ্ডলত বিষয়ববীয়ৰ পৃষ্ঠপোষকতাত এনেধৰণৰ আৰু বহুতো দুৰ্নীতি হৈ আছে ।

এই ক্ষেত্ৰত শক্তিমন্ত্ৰী তপন গগৈক বিভাগীয়ভাৱে দুৰ্নীতিগ্ৰস্ত বিষয়াগৰাকীৰ ওপৰত তদন্ত কৰিবলৈ ৰাইজে আহ্বান জনাইছে ।
 

Your Comments