স্বাধীনতাৰ ৭১ বছৰ পিছতো নিৰ্মাণ নহ'ল ঐতিহাসিক খাৰখোৱা আলি ।
অসম-নাগালেণ্ড সীমান্তৱৰ্তী তথা চৰাইদেউ জিলাৰ সোণাৰি বিধানসভা সমষ্টিৰ অধীনৰ বেঙেনাবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত কানুবাৰী বালিজান-লুখুৰাখন সংযোগী এই ঐতিহাসিক খাৰখোৱা আলি ৷
সদাব্যস্ত উক্ত পথটো নিৰ্মাণৰ বাবে বিভাগীয় কৰ্তৃপক্ষ তথা মন্ত্ৰী-বিধায়কক আবেদন কৰা হৈছিল যদিও কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে । প্ৰায় তিনি কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱা শেহতীয়াকৈ নিৰ্মাণ কৰিবৰ বাবে আধাৰশিলা ফলক নিৰ্মাণ কৰিছিল যদিও অতি নাটকীয়ভাৱে পথটো অন্য এটা পথৰ আঁচনি বুলি হস্তান্তৰ কৰে ।
ইফালে এনেদৰে পথটো হস্তান্তৰ কৰাত স্থানীয় ৰাইজে সোণাৰি সমষ্টিৰ বিধায়ক তথা ৰাজ্যিক শক্তি আৰু গড়কাপ্তানি মন্ত্ৰী তপন কুমাৰ গগৈক অৱগত কৰে যদিও বৰ্তমানেও পথটো নিৰ্মাণ কৰাৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে ।
উল্লেখ্য যে উক্ত পথটো নিৰ্মাণ কৰিবৰ বাবে পূৰ্বৰ কোনো এখন চৰকাৰে কোনো আঁচনি গ্ৰহণ নকৰাটো অতি তাৎপৰ্যপূৰ্ণ । বাৰিষা অহাৰ লগে লগে উক্ত পথটো অতি জৰাজীৰ্ণ ৰূপ ধাৰণ কৰা উপৰি পথৰ মাজেৰে বৈ যোৱা জলহু জানত ৰাইজে বিদ্যুতৰ খুঁটাৰে দলং সাজি যাতায়াতৰ উপযোগী কৰি লৈছে ।
অতি বিপদসংকুলভাৱে উক্ত দলঙেৰে ছাত্ৰ-ছাত্রী তথা জনসাধাৰণে যাতায়াত কৰে যদিও কেইবাজনো আৰোহী দলঙৰ পৰা পৰি আহত হৈছে ।
স্বাধীতাৰ ৭১ বছৰেও নিৰ্মাণ নোহোৱা পথছোৱা নিৰ্মাণ কৰিবৰ বাবে বিভাগীয় কৰ্তৃপক্ষ তথা বৰ্তমান শাসনাধিষ্ঠিত চৰকাৰৰ সোণাৰি বিধানসভা সমষ্টিৰ বিধায়ক তথা শক্তি আৰু ৰাজ্যিক গড়কাপ্তানি মন্ত্ৰী তপন কুমাৰ গগৈক পদক্ষেপ গ্ৰহণ কৰিবৰ বাবে স্থানীয় ৰাইজে আহবান জনাইছে ।
- Log in to post comments
- 8 views