বজালীৰ পৰা বুবু কলিতাৰ প্রতিবেদন :
বৰ্তমান অসমৰ শোচনীয় ৰাস্তা-ঘাট , দলং আদিৰ প্ৰতি লক্ষ্য ৰাখি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ভৱানীপুৰ , সৰুপেটা আৰু পূৱ হস্তিনাপুৰ আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত বৃহস্পতিবাৰে সৰুপেটাৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰে । ৰাতিপুৱা ১০ বজাৰ আৰম্ভ হৈ দুপৰীয়া ১ বজাত অন্ত পৰা এই ধৰ্মঘটত এজেৱাইচিপিৰ ভৱানীপুৰ আঞ্চলিক সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি সঞ্জীৱ দাস, ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক নয়ন কলিতাৰ লগতে সৰুপেটা আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক অভিজিৎ তালুকদাৰৰ নেতৃত্বত এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীটো সফলভাবে ৰূপায়ণ কৰে। উক্ত কাৰ্যসূচীত এজেৱাইচিপিৰ বজালী জিলা সমিতিৰ আমন্ত্ৰিত উপদেষ্টা নিপল ডেকা, উপ সভাপতি বাবুল আলী, সাধাৰণ সম্পাদক লক্ষেশ্বৰ দাস, সাংগঠনিক সম্পাদক বুবুল পাটগিৰি, ভৱানীপুৰ আঞ্চলিক সমিতিৰ নৱ কুমাৰ তালুকদাৰ, ৰাজীৱ বায়ন, জীৱন বৈশ্য, জীণ্টু ডেকা, কল্পজ্যোতি চৌধুৰী, সঞ্জীত ডেকা, উদ্দিপ্ত চৌধুৰী, কপিল বৈশ্য, সৰুপেটা আঞ্চলিক সমিতিৰ চিন্ময় দাস, শেৱালী দাস, জুপিতৰা তালুকদাৰ, মানস মজুমদাৰ, ভূপেশ দাস আৰু পূৱ হস্তিনাপুৰ আঞ্চলিক সমিতিৰ সদস্যসকলৰ লগতে শতাধিক সদস্য উপস্থিত থাকে। এই কাৰ্যসূচীৰ সমাপ্তিৰ পাছতেই যুৱ-ছাত্ৰ পৰিষদৰ ভৱানীপুৰ আঞ্চলিক সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি সঞ্জীৱ দাস আৰু সৰুপেটা আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক অভিজিৎ তালুকদাৰে অসমৰ মুখ্যমন্ত্ৰীলৈ সৰুপেটা ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ জৰিয়তে এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে। উল্লেখ্য যে, ভৱানীপুৰ আৰু সৰুপেটা অঞ্চলৰ বহুকেইটা জৰাজীৰ্ণ পথৰ মেৰামতি তথা পুনৰ নিৰ্মাণৰ দাবী এই স্মাৰক পত্ৰ দুখনত সন্নিৱিষ্ট কৰিছে।
- Log in to post comments
- 10 views