লংকাৰ পৰা মনোজ কুমাৰ পাঠক
চলিত মাহৰ ৩১ আগষ্ট তাৰিখে প্ৰকাশ পাব এনআৰচিৰ চূড়ান্ত তালিকা | এনআৰচি তালিকা প্ৰকাশ পোৱাৰ ক্ষেত্ৰত যাতে জনসাধাৰণ আশংকাগ্ৰস্ত নহয়,তাক লৈ সজাগতামূলক সভা অনুষ্ঠিত কৰে হোজাই জিলা প্ৰশাসনে।বৃহস্পতিবাৰে লংকা হাইস্কুলৰ প্ৰেক্ষাগৃহত হোজাই জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হয় এক সজাগতামূলক সভা।উক্ত সভাত জিলা উপায়ুক্ত তন্ময় প্ৰতিম বুঢ়াগোহাঁই,আৰক্ষী অধিক্ষ্যক অংকুৰ জৈন,লংকা পৌৰসভাৰ পৌৰপতি বিজু ভট্টাচাৰ্য্যসহ লংকাৰ গণ্যমান্য নাগৰিকসকল উপস্হিত থাকে।উল্লেখ্য যে, বিগত প্ৰায় পাঁচ বছৰ ধৰি উচ্চতম ন্যায়ালয়ৰ নেতৃত্বত অসমত পূৰ্ণ গতিত চলি আছিল এনআৰচি তালিকাত নাম অন্তৰ্ভূক্তিৰ কাম |
উক্ত এনআৰচি তালিকাত হোজাই জিলাত প্ৰয়োজনীয় নথিপত্ৰ দাখিল কৰিব নোৱাৰাত বহুতৰ নাম কৰ্তনো হৈছে। যিসকলৰ নাম এনআৰচিৰ তালিকাত নাম কৰ্তন হৈছে,তাক লৈ চিন্তিত হোৱাৰ কোনো প্ৰশ্ন নাই বুলি সাংবাদিকৰ লগত হোৱা এক আছুতীয়া সাক্ষাৎকাৰত মন্তব্য প্ৰকাশ কৰে হোজাই জিলা উপায়ুক্তই।লগতে কয় যে পূৰ্বেই তালিকাত নাম অহা সকলক বাদ দি,যিসকলক সাক্ষী আৰু জাননী জাৰি কৰা হৈছিল,সেইসকল এনআৰচি কেন্দ্ৰলৈ গ'লেই হ'ল।আনহাতে এনআৰচিৰ তালিকাত নাম কৰ্তন হোৱাসকলে অনলাইন জৰিয়তে তেওলোকৰ নাম কিয় কৰ্তন হ'ল তাকো জানিব পাৰিব।নাম কৰ্তন হোৱাসকলে পুনৰ আবেদন কৰিবৰ বাবে ১২০ দিন সময়ো পাৱ। লগতে এনআৰচি তালিকাত নাম কৰ্তন হোৱাসকলৰ কোনো কাৰণত ভোটাৰ তালিকাত নাম কৰ্তন নহয়, ৰেচন কাৰ্ড নাইবা চৰকাৰৰ ফালৰ পৰা দিয়া অন্যান্য হিতাধিকাৰী কাৰ্ড কোনো কাৰণতেই কৰ্তন নহয়।লগতে উৰাবাতৰিৰ প্ৰতি ৰাইজক গুৰুত্ব নিদিবলৈ আহ্বান জনাই উপাযুক্ত গৰাকীয়ে।এনে উৰাবাতৰি বিয়পোৱাসকলৰ ক্ষেত্ৰত আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও মন্তব্যত প্ৰকাশ কৰে উপাযুক্তই।প্ৰযোজন হ'লে জিলাখনত ১৪৪ ধাৰাও প্ৰযোজ্য কৰা বুলি উল্লেখ কৰে।হোজাই জিলাত সৰ্বমুঠ ৮৫ টা এনএছকে কেন্দ্ৰ আৰু ৬১টা শুনানী কেন্দ্রত পূৰ্ণ গতিত কাম চলিছিল বুলিও উপাযুক্তগৰাকীয়ে জানিবলৈ দিয়ে।
- Log in to post comments
- 21 views