মৰিগাঁৱৰ পৰা জিতুমণি নাথ
অহা ৩১ আগষ্টত প্ৰকাশ পাবলগীয়া ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী কোনোপধ্যেই শুদ্ধ নহয়৷ ৰাজ্যিক বিজেপিৰ সভাপতিৰ পিছত এই মন্তব্য অসম চৰকাৰৰ অনুসুচিত জাতি পৰিষদৰ উপাধ্যক্ষ স্বপন মণ্ডলৰ৷ কালি মৰিগাঁৱৰ খন্দাজানত অনুষ্ঠিত সদৌ অসম অনুসুচিত জাতি সুৰক্ষা পৰিষদৰ এখন সভাত অংশলৈ শাসকীয় বিজেপিৰ নেতাজনে ৩১ আগষ্টত প্ৰকাশ পাবলগীয়া NRC পৰা বহু ভাৰতীয়ৰ নাম বাদ পৰাৰ লগতে বিদেশীৰ নাম অন্তৰ্ভুক্ত হোৱাৰ আশংকা কৰে৷ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ সমন্বয়ক প্ৰতীক হাজেলাই আছুৰ শ্ৰুতলিপিমতেই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কাম মইমতালিৰে সম্পন্ন কৰিছে বুলি অভিযোগ কৰি এইক্ষেত্ৰত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ভুমিকাত মুঠেও সন্তুষ্ট নহয় বুলি কয়৷ মুক্তিযুঁজাৰু আৰু ঐতিহাসিক অসম আন্দোলনৰ শ্বহীদ পৰিয়ালৰ নাম NRC ত বাদ পৰাৰ কথা উল্লেখ কৰি প্ৰকৃত ভাৰতীয়ৰ নাম বাদ পৰা এই NRC কেতিয়াও গ্ৰহণযোগ্য নহ’ব বুলি কয়৷ এইক্ষেত্ৰত আছুৰ ভুমিকাকো তীব্ৰ সমালোচনা কৰে বিজেপিৰ নেতা স্বপন মণ্ডলে। অৱশ্যে NRC ত নাম সন্নিৱিষ্ট নহ’লে চিন্তিত নহ’বলৈ আহ্বান জনাই বিজেপি নেতা জনে কয় যে নতুন আইন অথবা সংশোধনী বিধেয়কৰ দাবী তোলাৰ লগতে চৰকাৰক অভিশপ্ত এনআৰচি বাতিলৰ দাবী জনাব৷ দৰকাৰ হলে আইনি যুঁজতো ব্ৰতী হ’ব বুলি কয়৷ যাৰ বাবে বাঙালী টাইগাৰ্চ ফৰ্চৰ প্ৰাক্তন কমাণ্ডাৰ তথা বিটিচি- ৰ কাৰ্যবাহী ৰবীন বিশ্বাস প্ৰমুখ্যে বহুকেইজন বাঙালী নেতাই অংশগ্ৰহণ কৰা সভাত পৰেশ চৌধুৰীক সভাপতি আৰু তুষ্টমোহন ৰয়ক সম্পাদক হিচাবে লৈ এনআৰচি-ত নাম বাদ পৰা সকলৰ সহায়ৰ বাবে এখন কমিটী গঠন কৰা হয়৷ উল্লেখ্য যে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰকাশ পাবলৈ আৰু মাত্ৰ দুটা দিন বাকী থকা অৱস্থাত বিজেপি নেতাজনৰ মন্তব্যই বিশেষ তাৎপৰ্য্ বহন কৰিছে।
- Log in to post comments
- 16 views