প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে আজি ৯৩ বছৰ বয়সত এইমছত শেষ নিশ্বাস ত্যাগ কৰাৰ খবৰ অহাৰ পিছতে ৰঙিয়াত ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মকৰ্তা সকলে মূৰাৰাত থকা কাৰ্য্যালয়ত প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এক মিনিট সময় মৌন হৈ থাকি শোক প্ৰকাশ কৰে।
উক্ত কাৰ্যসূচীত উপস্থিত থকা ভাৰতীয় জনতা পাৰ্টীৰ নেতা কৰ্মী প্ৰয়াত প্ৰধানমন্ত্ৰী গৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদী কয় যে এগৰাকী জনতাৰ নেতা হিচাপে সদায় এই নেতা জন ৰাইজৰ মাজত জীয়াই থাকিব।
এজন সৎ,নিষ্ঠাবান নেতা তথা এজন অভিভাৱক ভাৰতীয় জনতা পাৰ্টীয়ে আজি হেৰুৱালে বুলি তেখেত দুখ ব্যক্ত কৰে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে বিজেপি কৰ্মী চিচিৰ ভাগৱতী,সুবল পাল,মহিবুল্লা আলী,নলিনী বৰুৱা সহ ভালেকেইগৰাকী বিজেপি নেতা কৰ্মীয়ে। এফালে অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সদস্য প্ৰবাল বুজৰবৰুৱাইও প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীৰ মৃত্যুত গভীৰ শোঁক প্ৰকাশ কৰি কয় যে এজন আৰ্দবান ব্যক্তিক দেশে হেৰুৱালে,তেখেতৰ আত্মাই শান্তি পাওঁক ।
- Log in to post comments
- 38 views