বঙাইগাঁওঃ
বঙাইগাঁও আই উপত্যকা বন সংমণ্ডলৰ অধীনৰ বিশেষ বন সুৰক্ষা বাহিনীয়ে শুকুৰবাৰে আবেলিৰ ভাগত বঙাইগাঁৱৰ নগৰীয়া গাঁৱত অভিযান চলাই এটা অবৈধ কাঠ ফলা মিল জব্দ কৰে ৷ আই উপত্যকা বন সংমণ্ডলৰ বন বিষয়াৰ নিৰ্দেশত বন সুৰক্ষা বাহিনী চলোৱা এই অভিযানত কাঠ ফলা মিলটোৰ লগতে কিছু গমাৰি তথা অন্যান্য অবৈধ কাঠো জব্দ কৰে ৷ অৱশ্যে মিলটোৰ গৰাকীক আটক কৰিবলৈ সক্ষম নহ'ল বন বিভাগ ৷ পিছত জব্দ কৰা কাঠ ফলা মিলটো আই উপত্যকা বন সংমণ্ডলৰ কাৰ্যালয়লৈ অনাৰ বিপৰীতে কাঠখিনি বন ডিপোলৈ লৈ যায় ৷
ইপিনে বঙাইগাঁৱৰ চাপৰাকাটাৰ ৰাষ্ট্ৰীয় ঘাই পথত বিশেষ বন সুৰক্ষা বাহিনীয়ে চলোৱা অভিযানত চালানত উল্লেখিত নিৰ্দ্দিষ্ট পৰিমাণতকৈ অধিক পৰিমাণে চেন্ট গ্ৰেভেল কঢ়িওৱা দুখন ডাম্পাৰ জব্দ হয় ৷ বন বিভাগে জব্দ কৰা এ এচ ১৬ এচি -০৪১৩ আৰু এ এচ ১৬ এচি- ০৪১৫ নম্বৰৰ ডাম্পাৰ দুখনে অতিৰিক্তভাৱে চেন্ট গ্ৰেভেল কঢ়িয়াই গোৱালপাৰালৈ বুলি গৈ আছিল ৷ পিছত জব্দ কৰা ডাম্পাৰ দুখন বন সুৰক্ষা বাহিনীয়ে বৰপাৰাস্থিত আই উপত্যকা বন সংমণ্ডলৰ কাৰ্যালয়লৈ লৈ আহে ৷
- Log in to post comments
- 8 views