শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই :
শিৱসাগৰত এক কুখ্যাত চক্ৰই দীৰ্ঘদিন ধৰি অৰুণাচল আৰু ডিমাপুৰৰ পৰা ভাং, গাঞ্জাৰ সৰবৰাহত ব্যস্ত হৈ পৰিছে। আজি জয়সাগৰ আৰক্ষী আৰু চি আৰ পি এফে যুটীয়াভাৱে অভিযান চলাই শিৱসাগৰৰ বগীদ'ল পাঁচআলিত বৃহৎ পৰিমাণৰ গাঞ্জা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। বগীদ'ল পাঁচ আলিৰ মানস খনিকৰ নামৰ ব্যক্তিজনৰ ঘৰৰ পৰা এই বৃহৎ পৰিমাণৰ গাঞ্জাখিনি উদ্ধাৰ কৰে। আৰক্ষীয়ে প্ৰকাশ কৰা মতে এই গাঞ্জাখিনি প্ৰায় ৯ কেজি ওজনৰ হ'ব। গাঞ্জাসহ আৰক্ষীয়ে মানস খনিকৰক আটক কৰি অধিক সোধপোচৰ বাবে থানলৈ লৈ যায়।
উল্লেখ্য যে এক গোপন সুত্ৰৰ পৰা আৰক্ষী আৰু চিআৰপিএফে বগীদ'ল অঞ্চলত দীৰ্ঘদিন ধৰি গাঞ্জা ব্যৱসায়ৰ খবৰ লাভ কৰিছিল আৰু অঞ্চলটোত তীক্ষ্ণ নজৰ ৰাখিছিল।সেই সুত্ৰে আজি পুৱা এক অভিযান চলাই গাঞ্জসহ মানস খনিকৰ নামৰ ব্যক্তিজনক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী আৰু চিআৰপিএফ বাহিনী।
- Log in to post comments
- 8 views