বঙাইগাঁওঃ
চিৰাং জিলাৰ বিজনী থানাৰ অন্তৰ্গত কাৱাটিকা অঞ্চলৰ পৰা ইতিমধ্যে পোন্ধৰ জনতকৈ অধিক ড্ৰাগছ সৰবৰাহকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰাৰ পিছত আজি দুপৰিয়াৰ ভাগত গোপন খবৰৰ পম খেদি বিজনী জিলা আমছুৱে কাৱাটিকাবাসী ৰাইজৰ সহযোগত কাৱাটিকাত ড্ৰাগছসহ দুজন ড্ৰাগছ সৰবৰাহকাৰীক হাতে-লোতে আটক কৰি ৰচিৰে বান্ধি বিজনী আৰক্ষীক গোটাই দিয়ে। ড্ৰাগছ সৰবৰাহকাৰী দুই জন ক্ৰমে চলেমান আলী(৩০) আৰু ইক্ৰামূল আলী(২৮)। ইয়াৰে চলেমান আলীৰ ঘৰ কাৱাটিকাৰ সাকতোলাত আৰু ইক্ৰামূল আলীৰ ঘৰ কাৱাটিকাত।
ড্ৰাগছ সৰবৰাহকাৰী দুটাৰ পৰা আৰক্ষীয়ে ৪ টা ড্ৰাগছ ভৰ্তি কন্টেনাৰৰ লগতে আন ৪টা খালি কন্টেইনাৰ আৰু দুটা মোবাইল হেণ্ডছেট জব্দ কৰে। বিজনী আমছুৱে ড্ৰাগছ ব্যৱসায়ী সকলৰ বিৰুদ্ধে চৰকাৰক কঠোৰ আইন প্ৰণয়ন কৰাৰ দাবী জনাইছে ৷ উল্লেখ্য যে বিজনীৰ কাৱাটিকাত দিনে দিনে ড্ৰাগছৰ বেহা আৰু ড্ৰাগছ সৰবৰাহকাৰীৰ সংখ্যা বৃদ্ধি পাই আহিছে ৷ ইতিমধ্যে আটকও হৈছে ভালে সংখ্যক ড্ৰাগছ সৰবৰাহকাৰী । সেয়ে এই ড্ৰাগছৰ বেহা তথা সৰবৰাহকাৰীক লৈ উদ্বিগ্ন হৈ পৰিছে বিজনী জিলা আমছুৰ লগতে কাৱাটিকাবাসী ৰাইজ।
- Log in to post comments
- 3 views