জামুগুৰিহাটত আজিৰে পৰা আৰম্ভ ২৬৪ সংখ্যাক বোকা খেচা ভাওনা সমাৰোহ

vaona

জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্রতিবেদন :

সংস্কৃতিৰ বৰঘৰ শোণিতপুৰ জিলাৰ ঐতিহ্যমণ্ডিত জামুগুৰিহাটৰ ইতিহাসে গৰকা পাতলৰচুক গাঁৱত শুক্ৰবাৰে অনুষ্ঠিত হয় ২৬৪ সংখ্যক বোকাখেচা ভাওঁনা সমাৰোহ । ২৬৪ বছৰীয়া ঐতিহাসিক পৰম্পৰাৰে সমৃদ্ধ জামুগুৰিহাটৰ পাতলৰচুক গাঁৱৰ গঞা ৰাইজৰ অকৃত্ৰিম ভগৱান সেৱাৰ অনুষ্ঠান এই ঐতিহাসিক বোকাখেচা ভাওঁনা । উখল মাখল পৰিবেশে বিৰাজ কৰা গাঁওখনৰ আবাল, বৃদ্ধ বনিতা সকলোৱে ভাওঁনাভাগ সফলভাবে  উদযাপন কৰিবলৈ যৎপাৰোনাস্তি চেষ্টা  কৰা পৰিলক্ষিত হ'ল। জনবিশ্বাস অনুসৰি এই ভাওঁনা ভাগ অনুষ্ঠিত নকৰিলে গাওঁখনত অপায় অমঙ্গলে দেখা দিয়ে । ভাওনাভাগ অনুষ্ঠিত কৰিবলৈ গাঁওখনৰ নামঘৰটিও সজাই পৰাই তুলিছে গাঁওখনৰ বয়োজ্যেষ্ঠৰ পৰা শিশুলৈকে সকলোৱে হাতে হাত ধৰি।

jamuguri hat শ্ৰী কৃষ্ণৰ জন্মৰ পিছদিনা গোকুলৰ প্ৰজাই নন্দ-যশোদাই পুত্ৰ সন্তান লাভ কৰাৰ খবৰ ল'বলৈ যোৱা কথাৰ পৰাই আৰম্ভ হৈছে এই বোকাভাওঁনা ।দীৰ্ঘদিনীয়া বন্ধ্যাত্ব আতৰাই নন্দ যশোদাই সন্তান লাভ কৰাৰ আনন্দত গোকুলৰ প্ৰজাই ঘৃত, মধু, দধি, দুগ্ধ লৈ ৰাজপ্ৰসাদলৈ আগবাঢ়োতে যি পংকিলময় পৰিস্থিতিৰ সৃষ্টি হৈছিল সেই কথাকে সৰোগত কৰি পাতলৰচুক গাঁৱৰ গঞাই আজিও উদযাপন কৰি আহিছে এই বোকাখেচা ভাওঁনাৰ । য'ত শ্ৰী কৃষ্ণৰ জন্মৰ আনন্দত আত্মহাৰা হৈ বোকা খচি গোকুলবাসীয়ে আনন্দোল্লাস কৰাৰ লেখীয়া  দৃশ্য প্ৰত্যক্ষ কৰিবলৈ এইস্থানত এইদৰেই উপস্থিত হয়হি হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজ । আনহাতে শ্ৰী কৃষ্ণৰ জন্মত আত্নহাৰা হৈ গোকুলবাসীয়ে বোকা খেছি আনন্দোলাস কৰাৰ দৰে তদ্ৰুপ দৃশ্য স্বচক্ষে প্ৰত্যক্ষ কৰিবলৈ পাতলৰচুকত বিৰ দি বাট নোপোৱা অৱস্থাৰ সৃষ্টি কৰে হাজাৰ হাজাৰ ভক্তিপ্ৰাণ ৰাইজে । নন্দৰ গৃহত শ্ৰী কৃষ্ণৰ জন্ম হোৱাৰ আনন্দত গকুলৰ গোপ গোপীসকলে বোকাখচি আনন্দ উল্লাস কৰা বোকা থলিৰ পৰা কিঞ্চিত বোকা গৃহলৈ নিয়াৰো এক পৰম্পৰা আছে । আজি উক্ত বোকা নিবলৈ একাংশ লোকে হেতা ওপৰা লগোৱাও পৰিলক্ষিত হ'ল । jamu

আজিৰ এই অনুষ্ঠানৰ উদ্বোধনী তথা বন্তি প্ৰজ্বলন কাৰ্যসূচীত উপস্থিত থাকে চতিয়া বিধান সভা সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ লগতে জ্যেষ্ঠ সাংবাদিক অনুপম চক্ৰৱৰ্তীয়ে । বন্তি প্ৰজ্বলন কাৰ্যসূচীৰ পিছতেই ভাওঁনাভাগ আৰম্ভ হয় । উল্লেখ্য যে অহা কালিলৈয়ো চলি থাকিব বোকা খেচা এই ভাওঁনাখনি । 

 

Your Comments