লংকাৰ ইছলামবস্তিত ডকাইটিৰ ঘটনা : কোনো নথকাৰ সুযোগ লৈ মহিলাৰ ঘৰত ডকাইতে চলালে লুটপাত  

hojai

হোজাইৰ পৰা মনোজ পাঠকৰ প্রতিবেদন :

হোজাই জিলাৰ লংকাৰ ইছলামবস্তিত যোৱা নিশা সংঘটিত হয় এক ডকাইতিৰ ঘটনা।ঘৰত কোনো নথকাৰ সুযোগ লৈ এঘৰ মানুহৰ ঘৰত ডকাইতে চলালে লুটপাত | ঘটনা সন্দৰ্ভত জানিব পৰা মতে, লংকাৰ ইছলামবস্তিৰ ৰুকিয়া বেগম নামৰ মহিলাগৰাকীৰ ঘৰত যোৱা নিশা কোনো নথকাৰ সুযোগ লৈ এটা ডকাইতৰ দলে চলালে লুটপাত | 
ডকাইতৰ দলটোয়ে প্ৰথমতে ঘৰৰ দৰ্জাৰ তলা ভাঙি ঘৰৰ আচ বাব বিনষ্ট কৰাৰ লগতে টিভি, মূল্যৱান বয়-বস্তু ,চিলিণ্ডাৰ সহ প্ৰায় চল্লিছ হাজাৰ টকা মূল্যৰ সোনৰ গহণাৰ লগতে গড্ৰেজৰ তলা ভাঙি নগদ ৩৫হাজাৰ টকালৈ উধাও হোৱা বুলি জানিব পৰা গৈছে। এই সমগ্ৰ ঘটনা ঘৰটোৰ গৃহস্থ
ৰুকিয়া বেগম নিজ ঘৰত উপস্থিত হোৱাত হে পোহৰলৈ আহে আৰু গৃহস্থ ৰুকিয়াই তৎপৰতাৰে আজি দুপৰীয়া লংকা থানাত ডকাইতিৰ ঘটনাটো সন্দৰ্ভত এক এজাহাৰ দাখিল কৰে ।উল্লেখ্য যে ম: মগৰ আলী, মাচুল আহমেদ, ৰেজাক আলী নামৰ লোক কেইগৰাকী উক্ত ডকাইতি কাণ্ডটোৰ লগত জড়িত থকাৰ সন্দেহ মহিলা গৰাকীয়ে দাখিল কৰা এজাহাৰ খনত ব্যক্ত কৰে যদিও বাতৰি লিখাৰ পৰলৈকে ঘটনাস্থলীত উপস্হিত হোৱা নাই লংকা আৰক্ষীৰ লোক ।

Your Comments