স্বাধীনতা দিৱসৰ দিনটোতে বঙাইগাঁৱত কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ বিক্ষোভ

স্বাধীনতা দিৱসৰ দিনটোতে বঙাইগাঁৱত কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ বিক্ষোভ

দেশৰ ৭২সংখ্যক স্বাধীনতা দিৱসৰ দিনটোতে আজি বঙাইগাঁৱত ক'লা বেজ পৰিধান কৰি ক'লা দিৱস পালন কৰাৰ লগতে ৰাজপথলৈ ওলাই আহি বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিলে কোচ ৰাজবংশী সংগ্ৰাম সমিতিয়ে ৷

কোচ ৰাজবংশী জনগোষ্ঠীকে ধৰি ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত শাসকীয় বিজেপি চৰকাৰে কৰা প্ৰতাৰণা আৰু বিশ্বাসঘাতকতাৰ প্ৰতিবাদত সংগঠনটোৱে এই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে ৷

সংগঠনটোৰ  বঙাইগাঁও জিলা সমিতিৰ উদ্যোগত বঙাইগাঁও চহৰৰ বৰপাৰাৰ ৰাজপথত ৰূপায়ণ কৰা বিক্ষোভ কাৰ্যসূচীত অংশগ্ৰহণ কৰাসকলে হাতে হাতে বেনাৰ, সংগঠনটোৰ পতাকা আৰু প্লে'কাৰ্ড লৈ বিজেপি চৰকাৰ হায় হায়, বিজেপি চৰকাৰ মুৰ্দাবাদ,

নৰেন্দ্ৰ মোডী মুৰ্দাবাদ, বিজেপি চৰকাৰ গ'-বেক, ন' এছটি ন' ৰেষ্ট, এছ টি আমাক লাগিবই, নৰেন্দ্ৰ মোডী প্ৰতাৰক, এছটি আমাৰ ন্যায্য দাবী আদি বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে ৷

স্বাধীনতা দিৱসৰ দিনটোতে বঙাইগাঁৱত কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ বিক্ষোভ

ইপিনে বিক্ষোভ কাৰ্যসূচীত অংশগ্ৰহণ কৰি সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি অতুল ৰায়ে কয়- দেশৰ ৭২সংখ্যক স্বাধীনতা দিৱসৰ দিনা আমি অতি দুখেৰে ক'বলগীয়া হৈছোঁ যে আজি আমি স্বাধীনতা দিৱস উদ্‌যাপন কৰিব লাগিছিল যদিও তাৰ সলনি আমি বিক্ষোভ

কৰিবলগীয়া হৈছে ৷ আমি সুদীৰ্ঘ দিন ধৰি ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগে বুলি চৰকাৰক দাবী জনাই আহিছোঁ ৷ এই সন্দৰ্ভত চৰকাৰে বিতং আলোচনাও অনুষ্ঠিত কৰিছে যদিও সেয়া কেৱল আলোচনাৰ নামতে ৰৈছে ৷

সমস্যাৰ সমাধান হোৱা নাই ৷ গতিকে আজি আমি স্বাধীনতা দিৱসৰ দিনাই বিজেপি নেতৃত্বাধীন চৰকাৰক সকীয়াই দিব খুজিছোঁ যে আগন্তুক দিনত যদি ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ সমস্যা সমাধানৰ ক্ষেত্ৰত কোনো বাস্তৱ পদক্ষেপ গ্ৰহণ নকৰে, তেন্তে আমি ইয়াতকৈ ভয়ানক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম ৷

উল্লেখ্য যে কিছু সময় পিছতে বিক্ষোভস্থলীত কাৰ্যবাহী দণ্ডাধীশসহ আৰক্ষীৰ দল উপস্থিত হৈ প্ৰতিবাদকাৰীসকলক আটক কৰি থানালৈ লৈ যায় আৰু পিছত মুকলি কৰি দিয়ে ৷

বিক্ষোভ কাৰ্যসূচীত জিলা সমিতিৰ লগতে কেন্দ্ৰীয় সমিতিৰ নেতা-কৰ্মীসকলে অংশগ্ৰহণ কৰে ৷
 

Your Comments