জালাহৰ পৰা গুঞ্জন দাস
শাওণ মাহটো হিন্দু ধৰ্মাৱলম্বী লোকসকলে অতি পৱিত্ৰ বুলি গণ্য কৰে আৰু মাহটোৰ প্ৰতিটো সোমবাৰ ভক্তসকলে শিৱ মন্দিৰসমূহত আৰাধনা কৰে। এই উপলক্ষে্ সোমবাৰৰ দিনটোত বাক্সা জিলাৰ শালবাৰীৰ সন্ন্যাসী শিৱ মন্দিৰত ভক্তৰ লানি নিচিগা ভিৰ পৰিলক্ষিত হয় । মন্দিৰ পৰিচালনা সমিতিয়ে জনোৱা মতে যোৱাকালিৰ দিনটোত প্ৰায় পঞ্চাশ হেজাৰ ভক্তই মন্দিৰৰ পদধূলি গ্ৰহণ কৰে। ৰাতিপুৱাৰে পৰা নাম প্ৰসঙ্গ, হোম আদিৰে মাঙ্গলিক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। মন্দিৰ চৌহদ কিছু ঠেক হোৱা বাবে বহু পৰলৈ ভক্তগণে শিৱৰ শ্ৰীচৰণত আশীৰ্বাদ ল'বলৈ অপেক্ষা কৰাও পৰিলক্ষিত হয়। স্মৰ্তব্য যে বিগত বছৰৰ জৰেই এইবাৰো শাওণৰ সোমবাৰত সন্ন্যাসী শিৱমন্দিৰত ভক্তৰ ভিৰ পৰিলক্ষিত হয়।
- Log in to post comments
- 39 views