নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা
নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ ডিমৌ নামঘৰৰ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস পালনৰ দেওবাৰে সামৰণি পৰে। দুদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত প্ৰতিষ্ঠা দিৱসৰ ১০ আগষ্টৰ পুৱা ঊষা কীৰ্তনৰে কাৰ্য্যসূচী মুকলি কৰে মূল নামঘৰীয়া উলসী বৰদলৈয়ে আৰু ধৰ্মধ্বজা উত্তোলন কৰে সভাপতি বিজয় বৰদলৈয়ে । ইয়াৰ পিছতে খাটগুৰি বেবেজীয়াৰ নামাচাৰ্য্য সুৰেন্দ্ৰ বৰদলৈৰ পৰিচালনাত প্ৰসংগীয়া নাম সম্পন্ন কৰা হয় । প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা হয় প্ৰথম বাৰ্ষিক ভাগৱত পাঠ। ভাগৱত স্থাপন আৰু বন্তি প্ৰজ্বলন কৰে নামঘৰীয়া উলসী বৰদলৈয়ে । চকলাঘাটৰ পাঠক সোমেশ্বৰ বৰাই উদ্বোধন কৰা ভাগৱতৰ প্ৰথম,
দ্বিতীয় আৰু তৃতীয় স্কন্ধ পাঠ কৰে বেবেজীয়াৰ বিনন্দ বৰদলৈ আৰু গেডাৰবড়িৰ ভোগেশ্বৰ শইকীয়াই । সন্ধিয়া বন্তি প্ৰজ্বলন কৰা হয়।১১ আগষ্টৰ পুৱা ভাগৱত পাঠৰ সামৰণিৰ অন্তত ভাগৱত শোভাযাত্ৰা কৰা হয় । দুপৰীয়া গাঁৱৰ আইমাতৃসকলৰ দ্বাৰা পৰিৱশন কৰা হয় দিহা নাম। বিয়লি সভাপতি বিজয় বৰদলৈৰ দ্বাৰা ধৰ্মধ্বজা অৱতৰণেৰে দুদিনীয়াকৈ আয়োজিত প্ৰতিষ্ঠা দিৱসৰ সামৰণি মৰা হয় বুলি সম্পাদক জয়ন্ত বৰদলৈয়ে NewsASN ক জনাইছে ।
- Log in to post comments
- 6 views