বাহাৰঘাটৰ পৰা নৰেন শৰ্মা
সমাগত ৭৩ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে বিভিন্ন স্থানত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ হৈ থকাৰ মাজতে ঘগ্ৰাপাৰত দেওবাৰে 'চিত্ৰাংকণ প্ৰতিযোগিতা' অনুষ্ঠিত কৰা হয়।নলবাৰী জিলা আৰক্ষী প্ৰশাসন আৰু ঘগ্ৰাপাৰ আৰক্ষী থানাৰ উদ্যোগত বিয়লি ৪ বজাত ঘগ্ৰাপাৰ থানা চৌহদত ছাত্ৰ-ছাত্ৰীৰ মাজত দেশৰ স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা চিত্ৰাংকণ প্ৰতিযোগিতাত ঘগ্ৰাপাৰ থানা এলেকাৰ কেইবাখনো শিক্ষনুষ্ঠানৰ ছাত্র-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। নলবাৰী জিলা উন্নতি সভাৰ সাধাৰণ সম্পাদক ৰাতুল চন্দ্ৰ ডেকাই আঁত ধৰা অনুষ্ঠানটোত বনভাগ মহাবিদ্যালয়ৰ অধ্যক্ষ যোগেন্দ্ৰ কলিতা , পশ্চিম বনভাগ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মঞ্জুৰাণী ভূঞা আৰু ঘগ্ৰাপাৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰমল্ল পাটোৱাৰীয়ে ছাত্ৰ-ছাত্ৰীৰ আগত স্বাধীনতা দিৱস আৰু আৰক্ষী প্ৰশাসনৰ ভূমিকা সন্দৰ্ভত বক্তব্য আগবঢ়ায়। প্ৰতিযোগিতাৰ অন্তত প্ৰথম গীতাঞ্জলি বড়ো,দ্বিতীয় মধুস্মিতা দাস আৰু তৃতীয় স্থান লাভ কৰা কৌশিক দাসক পুৰস্কাৰ প্ৰদান কৰা হয়।
- Log in to post comments
- 7 views