লাহৰীঘাটৰ পৰা স্বামীমূল ইছলামৰ প্রতিবেদন :
মৰিগাঁও জিলাৰ গৰাখহনীয়াগ্ৰস্ত অঞ্চল লাহৰীঘাটৰ পৰা কামৰ সন্ধানত বহিঃৰাজ্যলৈ গৈ মৃত্যুক সাৱটি লবলগীয়া হয় এজন যুৱকৰ।ঘটনা বিৱৰণ অনুসৰি মৰিগাঁও জিলাৰ লাহৰীঘাট থানাৰ অন্তৰ্গত ২নং বৰবড়ী গাৱঁৰ মজিবুৰ ৰহমানৰ পুত্ৰ হিবজুৰ ৰহমানে (১৯) এমাহ পূৰ্বে চেন্নাইৰ কয়েম্বাটুৰ জিলাৰ চিন্নাপালিয়মৰ শিৱশক্তি পাঞ্জীমেইল নামৰ কোম্পানীত লগৰীয়াৰ লগত কাম কৰিবলৈ গৈছিল।অন্য দিনৰ দৰে আজিও কোম্পানীটোত হিবজুৰ ৰহমানে কাম কৰি আছিল যদিও দিনৰ প্ৰায় ২ মান বজাত হঠাৎ মেচিনৰ কোনো অংশত লাগি ধৰাত মৃত্যু ঘটে যুৱক জনৰ। জানিব পৰা মতে মেচিনৰ চেপাত যুৱকজনৰ এখন হাত সম্পূৰ্ণৰূপে ছিগি যোৱাৰ লগতে মূৰতো গুৰুতৰভাবে আঘাত পাই যুৱক জনৰ থিতাতে মৃত্যু হোৱা বুলি পৰিয়ালৰ সূত্ৰে জানিব পৰা গৈছে। যুৱকজনৰ মৃত্যুৰ খবৰে পৰিয়ালটোত শোকাকুল পৰিবেশ সৃষ্টি কৰাৰ লগতে সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰিছে।
- Log in to post comments
- 33 views