বজালীৰ পৰা বুবু কলিতাৰ প্রতিবেদন :
অসম আন্দোলনৰ সময়ত এজন নিৰ্যাতিত ব্যক্তি । নাম কিশোৰ দাস । বৰপেটা জিলাৰ বজালী মহকুমাৰ সৰুপেটা আৰক্ষী চকীৰ অন্তৰ্গত ভাৰেগাঁও নিবাসী এইগৰাকী কিশোৰ দাসে সুৰ বাহীনিৰ জৰিয়তে ৬ বছৰীয়া অসম আন্দোলনত জপিয়াই পৰিছিল । অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ সহপাঠী দাসে আন্দোলনৰ সময়ছোৱাত কেইবাবাৰো আৰক্ষী - চি. আৰ. পি. ৰ হাতত প্ৰৰ্হিত হোৱাৰ উপৰি কাৰাৱাস পৰ্যন্ত খাতিবলগীয়া হৈছিল । কিন্ত এসময়ৰ আন্দোলনকাৰী এইগৰাকী লোক আজি ৰোগাক্ৰান্ত । বিগত ৬ মাহ ধৰি এখেতে দুৰাৰোগ্য ৰোগত অাক্ৰান্ত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কৰ্কট প্ৰতিষ্ঠানত চিকিৎসা গ্ৰহণ কৰি আছে। এগৰাকী সু-শিল্পী হিচাপেও বিভিন্ন ভ্ৰাম্যমান থিয়েটাৰ, যাত্ৰা দলত সংগীত সংগত কৰি অহা এইগৰাকী শিল্পী তথা অসম অান্দোলনৰ সক্ৰিয় কৰ্মী কিশোৰ দাসে আজি তীব্ৰ আৰ্থিক সংকটত ভূগিছে । এওঁৰ বুকুৰ সোঁ অংশত কৰ্কট ৰোগে অধিক জটিল ৰূপ ধাৰণ কৰিছে আৰু এক জটিল অস্ত্ৰোপ্ৰচাৰ কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে। যাৰ বাবে প্ৰয়োজন কেইবা লক্ষ্য টকাৰ । শিল্পী সুস্থ হৈ উঠিবৰ বাবে তেওঁৰ শুভাকাংশী আৰু পৰিয়ালৰ লোকে এতিয়া বিচাৰিছে ৰাইজৰ অলপ সহায় । লগতে অসম চৰকাৰৰ পৰাও বিচাৰিছে বিশেষ অনুকম্পা। ৰাইজৰ অকনমান সহায়ে হয়তো পুনৰ সুস্থ কৰি উঠাব পাৰে এইগৰাকী শিল্পী কিশোৰ দাসক। কোনো সদাশয় ব্যক্তিয়ে কিশোৰ দাসক সহায়ৰ হাত অাগবঢ়াব বিছাৰিলে কিশোৰ দাসৰ পাঞ্জাৱ নেচনেল বেংক সৰুপেটা শাখাৰ AC NO 3109000100145194 অাৰু IFSC CODE PUNB0310900 অথবা ৯৭০৬০৪০৮১৭ মোবাইল নম্বৰত যোগাযোগ কৰিবলৈ কিশোৰ দাসৰ উপৰি তেওঁৰ শুভাকাংশী আৰু পৰিয়াল বৰ্গই অনুৰোধ জনাইছে ।
- Log in to post comments
- 21 views