বইটামাৰীৰ প্ৰতিবেদক :
বঙাইগাওঁ জিলাৰ বইটামাৰীৰ ব্যক্তিগত শিক্ষানুষ্ঠান ব্ৰিলিয়েণ্ট একাডেমীৰ নৱাগত আদৰণী সভাখন শনিবাৰে স্থানীয় শংকৰ কলা সামূহিক কেন্দ্ৰত অনুষ্ঠিত হয়।আদৰণি সভাখনত সভাপতিত্ব কৰে বিদ্যালয়খনৰ অধ্যক্ষ আব্দুল আলী মণ্ডলে । সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সম্পাদক ৰুবুলকান্তি দাসে । সভাখনত বিশিষ্ট অতিথিৰূপে বইটামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষকদ্বয় সৰোজ মোহন শৰ্মা আৰু কুঞ্জবিহাৰী দাস , বিষয় শিক্ষয়িত্ৰী মিনতি দাস , বহলপুৰ মিছন স্কুলৰ শিক্ষক নাছিৰুল্লা আহমেদ ।
মহকুমা পশু চিকিৎসা বিষয়া নৱকৃষ্ণ চক্ৰৱৰ্ত্তী উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্য কৰি বক্তব্য প্ৰদান কৰে।বইটামাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি দীপাঞ্জল নাথ আৰু সাধাৰণ সম্পাদক সঞ্জীৱ বৰুৱা , পৰিচালনা সমিতিৰ সভাপতি ধীৰেন্দ্ৰ চন্দ্ৰ দাসকে ধৰি বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী সভাত উপস্থিত থাকে।অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলে নৃত্য-গীত পৰিৱেশন কৰাৰ লগতে কবিতা আবৃত্তি কৰে ।
- Log in to post comments
- 25 views