বিসংগতিপূৰ্ণ একত্ৰীকৰণ প্ৰক্ৰিয়া,মাজুলীৰ গোপাল দেউৰী প্ৰাথমিক বিদ্যালয়ৰ চৌহদত  অভিভাৱকৰ প্ৰতিবাদ

মাজুলীৰ পৰা ৰাজীৱ পাতিৰ

বিসংগতিপূৰ্ণ একত্ৰীকৰণ প্ৰক্ৰিয়াৰ বিৰুদ্ধে শনিবাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিলে মাজুলীৰ ২ নং বালিকা প্ৰাথমিক বিদ্যালয়ৰ অভিভাৱক সমাজে । উল্লেখ্য যে গুণগত শিক্ষা ব্যৱস্থাক প্ৰশাসনিক দিশত অধিক গতিশীল কৰাৰ উদ্দেশ্যেৰে ৰাজ্যৰ শিক্ষা বিভাগে  প্ৰাথমিক বিদ্যালয়ৰ একত্ৰীকৰণ প্ৰক্ৰিয়া চলাইছে।পিচে এই প্ৰক্ৰিয়াত বিসংগতিৰ অভিযোগ তুলি মাজুলী শিক্ষা খণ্ডৰ অন্তৰ্গত মাজৰ দেউৰী গাঁৱত অৱস্থিত ২ নং বালিকা প্ৰাথমিক বিদ্যালয়ত থকা প্ৰায় ত্ৰিশগৰাকী শিক্ষাৰ্থীৰ অভিভাৱক সমাজে  গোপাল দেউৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ সন্মুখত শনিবাৰে উত্তাল প্ৰতিবাদ সাৱস্ত্য কৰে । শীঘ্ৰে এই বিসংগতিপূৰ্ণ একত্ৰীকৰণ প্ৰক্ৰিয়া বাতিল কৰি কণ কণ শিক্ষাৰ্থীৰ ভৱিষ্যত শিক্ষা জীৱন সুৰক্ষিত কৰিব লাগে বুলি দাবী উত্থাপন কৰে । লগতে একত্ৰীকৰণ প্ৰক্ৰিয়াৰ নথিপত্ৰবোৰ ৰাজহুৱা কৰাৰ দাবীত দীৰ্ঘ সময় ধৰি প্ৰতিবাদ কৰে ২ নং বালিকা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাৰ্থীৰ অভিভাৱক সমাজে।


জানিব পৰামতে ত্ৰিশগৰাকীৰো অধিক শিক্ষাৰ্থী থকা ২ নং বালিকা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকে বিদ্যালয় পৰিচালনা সমিতি তথা অভিভাৱক সমাজৰ সৈতে কোনো আলাপ আলোচনা অনুষ্ঠিত নকৰাকৈ অন্ধভাৱে মাত্ৰ দুগৰাকী শিক্ষাৰ্থী থকা গোপাল দেউৰী প্ৰাথমিক বিদ্যালয়ৰ লগত সংযোগ বা একত্ৰীকৰণ কৰা যাৱতীয় নথিপত্ৰত স্বাক্ষৰ কৰে । ফলত দুই নং বালিকা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে প্ৰায় আঢ়ৈ কিলো'মিটাৰ দৈৰ্ঘ্যৰ দূৰত্বত অৱস্থিত গোপাল দেউৰী প্ৰাথমিক বিদ্যালয়লৈ যাব লগীয়া হৈছে। কণ কণ শিক্ষাৰ্থীৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি অভিভাৱক সমাজে গোপাল দেউৰী প্ৰাথমিক বিদ্যালয়ত শিক্ষাৰ্থীসকলক অধ্যয়ন কৰিবলৈ যোৱা কাৰ্যত বাধা প্ৰদান কৰিছে।


ইফালে, তুলনামূলকভাৱে আন্তঃগাঠনিৰ ক্ষেত্ৰতো গোপাল দেউৰী প্ৰাথমিক বিদ্যালয়তকৈ দুই নং বালিকা প্ৰাথমিক বিদ্যালয়ৰ আন্তঃগাঠনি যথেষ্ট উন্নত । লগতে গোপাল দেউৰী প্ৰাথমিক বিদ্যালয়ত থকা দুইগৰাকী শিক্ষাৰ্থীক ইয়াৰ পৰা মাত্ৰ আধা কিলো'মিটাৰ দৈৰ্ঘ্যৰ দূৰত্বত অৱস্থিত ৫৮ নং মাজৰ দেউৰী প্ৰাথমিক বিদ্যালয়ত সংযোগ কৰি দি উক্ত সমস্যাটো সমাধান কৰাৰ বাবে স্থানীয় অভিভাৱক সমাজে দাবী জনাইছে ।

Your Comments