শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁইৰ প্ৰতিবেদন :
শিৱসাগৰ আৰক্ষীয়ে এক গোপন সুত্ৰৰ পম খেদি আজি বকতা হাবি গাঁৱৰ পৰা আলফা স্বাধীনৰ এগৰাকী সদস্যক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ধৃত সদস্য জনৰ নাম বীৰেন চেতিয়া ওৰফে ৰন্টু অসম বুলি জানিব পৰা গৈছে। আজি শিৱসাগৰ জিলাৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহাই এক সংবাদমেলৰ জড়িয়তে এই কথা ব্যক্ত কৰে।
সংবাদ মেলত আৰক্ষী অধীক্ষক গৰাকীয়ে জনোৱা অনুসৰি এক গোপন সুত্ৰৰ পম খেদি আজি পুৱা শিৱসাগৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বলীন দেউৰীৰ নেতৃত্বত আৰক্ষী আৰু ১৪৯ চিআৰপিএফৰ এটা দলে ডিমৌৰ বকতাৰ হাবি গাঁৱৰ পৰা আলফা স্বাধীনৰ সদস্য গৰাকীক আটক কৰে। পৰৱৰ্তী সময়ত শিৱসাগৰ আৰক্ষীয়ে তেওঁক সোধপোচ কৰাত বহু বিস্ফোৰক তথ্য লাভ কৰে । ধৃত আলফা সদস্য জনে স্বীকাৰ কৰে যে যোৱা ১৮ নৱেম্বৰত ডিমৌত সংঘটিত বোমা বিস্ফোৰণৰ ঘটনাৰ লগত তেওঁ জড়িত আছিল। আলফা সদস্য আদ্যমানে তেওঁক নাগালেণ্ডলৈ মাতি লৈ গৈছিল আৰু তাত তেওঁক গ্ৰেনেড দলিওৱাৰ প্ৰশিক্ষণ প্ৰদান কৰিছিল। প্ৰশিক্ষণ লৈ আহি ডিমৌত বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত কৰিছিল। ডিমৌ বিস্ফোৰণত এই জন আলফা সদস্য বীৰেণ চেতিয়া ওৰফে ৰণ্টুয়েই অসমে গ্ৰেনেডটো দলিয়াইছিল বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰা বুলি জানিব পৰা গৈছে। ধৃত আলফা সদস্যজনৰ পৰা এটা গ্ৰেনেড, তিনিটা মোবাইল আৰু এন এচ চি এনৰ কামাণ্ডৰৰ এখন চাৰ্টিফিকেট জব্দ কৰে।
ইফালে আলফা সদস্য বীৰেণ চেতিয়াই আৰক্ষীৰ আগত স্বীকাৰ কৰে যে ডিমৌৰ বিস্ফোৰণ সংঘটিত কৰিয়েই তেওঁ নাগালেণ্ডলৈ পলায় যায় আৰু তেতিয়াই আনুষ্ঠানিক ভাৱে আলফাত যোগদান কৰে। ম্যানমাৰৰ শিবিৰত প্ৰশিক্ষণ লৈ থকা সময়ত ম্যানমাৰৰ সেনাই আলফা তথা এন এচ চি এনৰ শিবিৰত আক্ৰমণ কৰাত তাৰ পৰা তেওঁ পলাই আহি নাগালেণ্ডৰ হোৱাইট বস্তি নামৰ আন এটা শিবিৰত আশ্ৰয় লয়হি। ধৃত বীৰেণ চেতিয়াই এই শিবিৰৰ পৰা এটা গ্ৰেনেড লৈ পলায়ন কৰি অসমত প্ৰৱেশ কৰে। তেওঁৰ হাতত থকা এনএচচিএনৰ কামাণ্ড চাৰ্টিফিকেট যিখনক GPRN (Government Of The People Republic Of Nagaland) কয়, সেই চাৰ্টিফিকেটৰ জড়িয়তেই তেওঁ সহজে ম্যানমাৰৰ পৰা নাগালেণ্ড আৰু নাগালেণ্ডৰ পৰা অসমত প্ৰৱেশ কৰিব পাৰিছিল।
অসমত প্ৰৱেশ কৰিয়েই তেওঁ ডিমৌ অঞ্চলত বিভিন্ন ব্যক্তিক হাতত থকা গ্ৰেনেডটো দেখুৱাই ধন দাবী কৰে আৰু তাৰে দুজনমান ব্যক্তিৰ পৰা দাবী কৰা ধন সংগ্ৰহয়ো কৰিছিল।
আৰক্ষী অধীক্ষক গৰাকীয়ে দাবী কৰে যে স্বাধীনতা দিৱসৰ পূৰ্বে এইজন আলফা স্বাধীনৰ সদস্যক আটক কৰাটো শিৱসাগৰ আৰক্ষীৰ বাবে বৃহৎ সাফল্য। স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ধৃত আলফা সদস্য বীৰেণ চেতিয়াই গ্ৰেনেড বিস্ফোৰণেৰে কূটাঘাট সংঘটিত কৰাৰ পৰিকল্পনা কৰিছিল।
- Log in to post comments
- 12 views