নিউজ ডেস্ক :
আগন্তক পাঁচদিনলৈ ৰাজ্যত অব্যাহত থাকিব ধাৰাসাৰ বৰষুণ। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে এই কথা।কেন্দ্ৰটোৱে লগতে অহা ১০জুলাইত কোকৰাঝাৰ আৰু চিৰাং জিলাত প্ৰবল বৃষ্টিপাত হ'ব বুলিও উল্লেখ কৰি জিলা দুখনৰ প্ৰশাসনক সতৰ্ক কৰি দিছে। ইয়াৰ উপৰি ১০জুলাই দিনটোত ধুবুৰী, বঙাইগাঁও, চৰাইদেউ,ধেমাজি, বৰপেটাৰ,নলবাৰী, ওদালগুৰি, দক্ষিণ কাৰ্বি আংলং, বিশ্বনাথ,তিনিচুকীয়া আৰু ডিমা হাছাত কম বেছি পৰিমানে বৰষুণ হোৱাৰ সম্ভাৱনা থকাৰ কথাও ব্যক্ত কৰে।
আনহাতে কেন্দ্ৰটোৱে প্ৰকাশ কৰাৰ অনুসৰি অহা ১১জুলাই দিনটোতো বাক্সা,চিৰাং, কোকৰাঝাৰ, দৰং,বৰপেটা, বঙাইগাঁও, কাৰ্বি আংলং, নলবাৰী, বিশ্বনাথ, যোৰহাট, ধেমাজি, শিৱসাগৰ, চৰাইদেউ, কাছাৰ, ডিমা হাছাও জিলাত প্ৰবল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা ব্যক্ত কৰে।
একেদৰে ১২জুলাই দিনটোতো ডিমা হাছাওত প্ৰৱল বৰষুণ হোৱাৰ সম্ভাৱনা থকাৰ লগতে বাক্সা, কাৰ্বি আংলং, ধেমাজি,কাছাৰ, গোলাঘাট, যোৰহাট, কৰিমগঞ্জতো কম বেছি পৰিমানে বৰষুণ হ'ব বুলিও ব্যক্ত কৰে বতৰ বিজ্ঞান কেন্দ্ৰটোৱে।
ইয়াৰ উপৰিও কেন্দ্ৰটোৱে তাৰ পাছৰ দুটা দিনটো কিছু-কিছু ঠাই সামান্য বৰষুণ হোৱাৰ সম্ভাৱনা থকাৰ কথা ব্যক্ত কৰে।
- Log in to post comments
- 66 views