নিউজ ডেস্ক :
টাই আহোম যুৱ পৰিষদ অসমৰ ( টাইপা)ৰ আহ্বানত শনিবাৰে হোটেল ৰাজধানী ৰিজেন্সীত আহোম সংগঠনসমূহৰ এখন আলোচনা সভা অনুষ্ঠিত কৰা হয় । সভা উদ্বোধন কৰে পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ সভাপতি চাও দয়ানন্দ বৰগোহাঁইয়ে।
৬ জনগোষ্ঠীৰ জনজাতিকৰণক লৈ কেন্দ্ৰীয় চৰকাৰৰ স্থিতি সন্দৰ্ভত আজিৰ এই আলোচনা সভাখনৰ আয়োজন কৰা হৈছিল।
টাই আহোম যুৱ পৰিষদ, অসমৰ সম্পাদক বিশ্বজিৎ গগৈয়ে আলোচনা সভাখনৰ বিষয়ে জানিবলৈ দি কয়- '৬ জনগোষ্ঠীৰ জনজাতিকৰণক লৈ কেন্দ্ৰীয় চৰকাৰৰ স্থিতি সন্দৰ্ভত আলোচনা কৰি আমাৰ ভৱিষ্যত কাৰ্যপন্থা নিৰ্ধাৰণ কৰা হ'ব ।'
'জনজাতিকৰণ আমাৰ ন্যায্য দাবী আৰু যিকোনো মূল্যৰ বিনিময়ত এই জনজাতিকৰণ আমি পাবই লাগিব।৬ জনগোষ্ঠীৰ জনজাতিকৰণক লৈ যি আন্দোলন,সেই আন্দোলনত আমি প্ৰথমৰ পৰাই সহযোগ কৰি আহিছোঁ। আজি আলোচনা সভাখনে এটা দিশ নিৰূপণ কৰিব আৰু সেই দিশটোৰ জৰিয়তে আমি কেন্দ্ৰীয় চৰকাৰক হেঁচা প্ৰয়োগ কৰি হলেও আমাৰ যি ন্যায্য দাবী,সেই ন্যায্য দাবীক আমি সাৰ্থক কৰিব পাৰিম' -মন্তব্য কৰে বিশ্বজিৎ গগৈয়ে।
আনহাতে আলোচনাসভাখনত উপস্থিত থাকি পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ সভাপতি চাও দয়ানন্দ বৰগোঁহাইয়ে কয় - 'অসমৰ ৬ জনগোষ্ঠীক জনজাতিকৰণ কৰিলে অসমৰ অস্তিত্ব ৰক্ষাত অতি সহজ হ'ব ।কিন্তু এই জনজাতিকৰণ এতিয়া অসম চৰকাৰৰ ওপৰতহে নিৰ্ভৰ কৰিব।'
তেওঁ লগতে কয় যে অসমত ৬ জনগোষ্ঠীৰ জনজাতিকৰণ নোহোৱাৰ মূলতে হ'ল নাগৰিকত্ব সংশোধনী বিধেয়ক। নিৰ্বাচনৰ সময়ত অসম চৰকাৰে জনজাতিকৰণ কৰা হ'ব বুলি যি আশ্বাস দিছিল সেয়া কেৱল ৰাজনৈতিক ক্ষমতাৰ বাবেহে দিছিল ।'
উক্ত সভাত চাও দয়ানন্দ বৰগোঁহাইৰ লগতে টাই আহোম যুৱ পৰিষদৰ সভাপতি চাও হৰেন ফুকন , বুঢ়াগোহাঁই বংশাৱালীৰ সভাপতি চাও সুন্দৰ বুঢ়াগোহাঁই , পূৰ্বত্তোৰ টাই সাহিত্য সভাৰ সাধাৰণ সম্পাদক চাও পুষ্পধৰ শইকীয়াকে ধৰি বহুকেইটা আহোম সংগঠনৰ নেতৃবৃন্দ উপস্থিত থাকে।
- Log in to post comments
- 24 views