
নিউজ ডেস্ক:
গুৱাহাটী মহানগৰীৰ ভেটপাৰাত যোৱা নিশা ছুৰিকাঘাতৰ এক ভয়ংকৰ ঘটনা সংঘটিত হয়। প্ৰাপ্ত বাতৰি মতে, হাৰম্ভ ভূঞা নামৰ এজন ব্যক্তিয়ে ভেটাপাৰাৰ নিৰ্মল দাস নামৰ এজন ব্যক্তিক যোৱা নিশা ছুৰিৰে উপৰ্য্যুপৰি আক্ৰমণ কৰে। ছুৰিকাঘাতত গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত লোকজনক ৰাতিয়ে সংকটজনক অৱস্থাত জি এম চি এইছ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
প্ৰাথমিক খবৰ অনুসৰি ছুৰিৰে আক্ৰমণ কৰা হাৰম্ভ ভূঞা নামৰ ব্যক্তিজনৰ পত্নী মীৰা কলিতাৰ সৈতে নিৰ্মল দাসৰ দীৰ্ঘদিন ধৰি এক অবৈধ সম্পৰ্ক থকা বুলি সন্দেহ কৰাৰ হৈছে। তাৰ পৰিণতিতে সংঘটিত হয় যোৱা নিশাৰ এই ভয়ংকৰ ঘটনা। জানিব পৰা মতে, হাৰম্ভ ভূঞা দুটা সন্তান পিতৃ। আনহেতে নিৰ্মল দাস তিনি সন্তানৰ পিতৃ। ইফালে ঘটনাৰ সন্দৰ্ভত অধিক তথ্যৰ বাবে হাতীগাঁও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
- Log in to post comments
- 3 views