গুৱাহাটী মহানগৰীৰ গণেশগুৰিস্থিত নেডফি হাউছত বৃহস্পতিবাৰৰ পৰা পাঁচ দিনীয়াকৈ উত্তৰ-পূব নৈপুণ্য আৰু জৈৱ মেলা অনুষ্ঠিত হৈছে । এই মেলাখনত অসমৰ লগতে উত্তৰ-পূবৰ আন আন ৰাজ্যৰ পৰাও অংশগ্ৰহণ কৰিছে ।
উত্তৰ-পূব নৈপুণ্য আৰু জৈৱ মেলাখনত প্ৰধানতঃ হস্তনিৰ্মিত বস্তুৰ প্ৰদৰ্শনী আৰু বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে । মেলাখনত প্ৰথমবাৰৰ বাবে কলগছৰ পৰা সূতা উলিয়াই কেনেকৈ কাপোৰ তৈয়াৰ কৰিব পাৰি তাৰ ওপৰত বেছি গুৰুত্ব দিয়া হৈছে ।
যোৰহাটৰ যুৱক পৰীক্ষিত বৰকটকীৰ দ্বাৰা নিৰ্মিত বাঁহ আৰু বেতৰ বহুতো সামগ্ৰী ইয়াত উপলব্ধ হৈছে । ইয়াৰ বাহিৰেও মেলাখনত পাট-মুগাৰ চাদৰ-মেখেলা, চেৰাপুঞ্জীৰ বাঁহৰ সামগ্ৰী, উত্তৰ-পূৰ্বাঞ্চলৰ জৈৱিক সামগ্ৰী, হাতেৰে নিৰ্মিত মম, বাঁহেৰে নিৰ্মিত বেগ, জনজাতীয় সাজপাৰ গ্ৰাহকে ক্ৰয় কৰিব পাৰিব ।
উদ্যোক্তাসকলে জনোৱামতে, মেলাখনত গ্ৰাহকৰ ভিৰ সন্তোষজনক । এই উত্তৰ-পূব নৈপুণ্য আৰু জৈৱ মেলাখন পঞ্চমবাৰৰ বাবে আয়োজন কৰা হৈছে ।
মেলাখনৰ জৰিয়তে জৈৱিক বা হস্তনিৰ্মিত বস্তুৰে ব্যৱসায়িক দিশত অসমৰ লগতে চুবুৰীয়া আন আন ৰাজ্যৰ বাবে এক আশাৰ বতৰা কঢ়িয়াই আনিব বুলি বিক্রেতাসকলে আশা কৰিছে । মেলাখন ১৩ আগষ্ট তাৰিখে সামৰণি পৰিব ।
- Log in to post comments
- 15 views