নলবাৰী তিলানা যুৱক সংঘৰ উদ্যোগত শৈক্ষিক আলোচনা চক্ৰ- অনুষ্ঠানৰ সামৰণি

nlb

নলবাৰীৰ পৰা হেমন্ত কলিতাৰ প্ৰতিবেদন,  ,৩০  জুনঃ

২০১৯-২০ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবে নলবাৰী জিলাৰ পূৱ  বাহঁজানীৰ তিলানা যুৱক সংঘৰ সৌজন্যত সমাগত ১ জুলাইৰ  পৰা আৰম্ভ হবলগীয়া গ্ৰীষ্মকালীন   বিনামুলীয়া পাঠদান কাৰ্যসূচীৰ আজি শুভাৰম্ভ কৰা হয়। এই উপলক্ষে তিলানা হৰি মন্দিৰ প্ৰাংগণত  অৱস্থিত সংঘৰ প্ৰাংগনত এখন শৈক্ষিক আলোচনা চক্ৰ অনুষ্ঠিত হয়। সংঘৰ সভাপতি ধৰণীধৰ তামুলীৰ  সঞ্চালনাত অনুষ্ঠিত হোৱা আৰু কাৰ্যকৰ্তা অতুল কলিতাই আতঁ ধৰা সভাত নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মা, অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্ত, বিশিষ্ট নাট্যকাৰ ধ্ৰুৱজ্যোতি শৰ্মা,শিক্ষাহৈতিশী
শৈলেন্দ্ৰ প্ৰসাদ শৰ্মা, সমাজকৰ্মী গনেশ তামুলী, বিশিষ্ট সাংবাদিক কমলেশ শৰ্মা,কৃৰ্তি প্ৰধান শিক্ষক দিলীপ চৌধুৰী, সংঘৰ সাধাৰণ সম্পাদক  অৱনী কলিতা, সহ সম্পাদকদ্বয় নিহাৰ ভৰালী, বনজিৎ কলিতা , বিজেপি নেতা জয়ৰাম বৰ্মন,সৰ্বেশ্বৰ কলিতা,মিন্টু তামুলী,দূৰ্গা কলিতা, ভবেশ কলিতা সহ ডেৰ শতাধিক ৰাইজ উপস্থিত থাকে । অনুষ্ঠানত ভাষণ প্ৰদান কৰি জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্তই কয় যে -  ছোচিয়েল মিডিয়া শিক্ষাৰ্থী সকলে কমকৈ ব্যৱহাৰ কৰিব লাগে আৰু ব্যৱহাৰ কৰা জনেও এইক্ষেত্ৰত সাবধান হোৱা উচিত। শিক্ষা মানুহৰ জীৱনৰ অংগ বুলি দোহাৰি তেওঁ পুনৰ কয় শিক্ষাৰ্থী সকলে পাঠ্যপুথিৰ শিক্ষাৰ লগতে সকলো দিশতে নিজকে প্ৰস্তুত কৰি আগবাঢ়িবলৈও তেওঁ আহ্বান জনায়। অনুষ্ঠানত বিধায়ক অশোক শৰ্মাই ভাষণ প্ৰদান কৰি কয় যে কেৱল শিক্ষাৰ দিশতে নহয়,প্ৰতিটো দিশতে তেওঁ নিৰ্বাচিত হোৱাৰ পিছৰে পৰাই কাম কৰি আছে। এই যাত্ৰাত সকলো ৰাইজক সহযোগ কৰিবলৈ তেওঁ আহ্বান জনায়।অনুষ্ঠানত সদ্য ঘোষিত  উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত অসমৰ ভিতৰত সপ্তম স্থান দখল কৰি সমগ্ৰ নলবাৰী জিলাৰ লগতে বাহঁজানীলৈ যি গৌৰৱ কঢ়িয়াই আনিলে তাৰ বাবে অঞ্চলটোৰ কৃৰ্তি ছাত্ৰী প্ৰতিভা বৈশ্যক 'সতীশ তামুলী ন্যাসৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে নিয়মীয়া বাৰ্তা কাকতৰ স্থানীয় সাংবাদিক প্ৰাঞ্জল শৰ্মাকো সম্বৰ্ধনা জনোৱা হয় । অনুষ্ঠানত শিল্পী ভূপেন তামুলী, ভবেশ কলিতাৰ সংগীত আৰু কমল কলিতাৰ তবলা বাদনত সমবেত ৰাইজ মুগ্ধ হয়। 
উল্লেখ্য যে অহা ১ জুলাইৰ পৰা হবলগা এই  বিনামূলীয়া শিক্ষা শিবিৰত অভিজ্ঞ  শিক্ষক সকলক লৈ ইংৰাজী, গণিত আৰু বিজ্ঞান বিষয়ৰ পাঠদান কৰা হ'ব। অঞ্চলটোৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া প্ৰায় ২০০ জন ছাত্ৰ-ছাত্ৰীয়ে দৈনিক  এই পাঠদান গ্ৰহণ কৰিব । তদুপৰি প্ৰথমবাৰৰ বাবে আয়োজন কৰা উক্ত কাৰ্যসূচী  অহা  ৩০ জুলাইত  সমাপ্ত হ'ব । পাঠদানৰ শেষত বিশেষ পৰীক্ষাও অনুষ্ঠিত কৰি বঁটা প্ৰদান কৰা হ'ব বুলিও উদ্যোক্তা সকলে জনাইছে ।

Your Comments