ঘগ্ৰাপাৰত বিজেপিৰ সাংগঠনিক সভা

bjp

নৰেন শৰ্মা,বাহাৰঘাট :

,৩০জুনঃনলবাৰী জিলাৰ ঘগ্ৰাপাৰত আজি বিজেপিৰ বড়িগোগ বনভাগ মণ্ডলৰ উদোগত  ঘগ্ৰাপাৰ হাইস্কুলত  এখন সাংগঠনিক সভা অনুষ্ঠিত হয়।সভাত সভাপতিত্ব কৰে বড়িগোগ বনভাগ মণ্ডলৰ সভাপতি মৃদুল কলিতাই। সভাখনৰ আঁঁত ধৰে সাঃসম্পাদক চন্দন ডেকাই।বন্তি প্ৰজ্বলনৰে আৰম্ভ হোৱা কাৰ্য্যসুচীত আগন্তুক দিনত দলৰ ভেটী শক্তিশালী কৰাৰ কাৰণে কেইবাটাও গুৰুত্বপুৰ্ণ প্ৰস্তাৱ গ্ৰহন কৰা হয়।সভাত উপস্থিত থাকে নলবাৰী জিলা সভাপতি বনদ্বীপ ডেকা ৰাজ্যিক বিজেপিৰ কাৰ্য্যানিৰ্বাহক সদস্য মধুৰাম ডেকা, নলবাৰী জিলা বিজেপিৰ উপ সভাপতি অপুৰ্ব শৰ্মা , বড়িগোগ বনভাগ আঞ্চলিক পঞ্চায়তৰ সভাপতি তৰুণ বুজৰবৰুৱাকে ধৰি প্ৰায় দুইশতাধিক বিজেপিৰ দলীয় কাৰ্য্যাকতাই ৷bjp2

উক্ত সাংগঠনিক সভাত দলটোৰ বিজেপিৰ ৰাজ্যিক কাৰ্য্যনিৰ্বাহক মধু ৰাম ডেকাই ভাষণত বিজেপিৰ কেন্দ্ৰীয়-ৰাজ্য চৰকাৰৰ অভিলাষী আঁচনিসমুহ ৰাইজৰ মাজলৈ লৈ গৈ সম বিতৰনেৰে দলটোৰ সাংগঠনিক ভেটি অধিক শক্তিশালী কৰাৰ বাবে দলীয় কৰ্মকৰ্তাক আহ্বান জনায়।সভাত নলবাৰী জিলা সভাপতি বনদ্বীপ ডেকাই নিজৰ ভাষণত তৃণমূল পৰ্য্যায়ৰ কাৰ্য্যকৰ্তাসকল হ'ল দলটোৰ চালিকা শক্তি ,বুথ পৰ্য্যায়ত দলৰ  ক্ষমতা বৃদ্ধি নহলে দলৰ মন্ডল,জিলা,ৰাজ্যিক কমিটি মজবুত হোৱাতো তেনেই ক্ষীণ।সেয়েহে এতিয়াৰ পৰা প্ৰতিজন কৰ্মাকৰ্তাক দলটোত দুগুণ উৎসাহৰে কাম কৰি যাবলৈ আহ্বান জনায়।লগতে বিজেপি দলৰ আঁচনিসমূহ ৰাইজৰ মাজলৈ লৈ যাবলৈ বিজেপিৰ কৰ্মীসকলক পৰামৰ্শ দিয়ে।উক্ত  সাংগঠনিক সভাতে কেবাটাও গুৰুত্বপুৰ্ণ প্ৰস্তাৱো গ্ৰহণ কৰা হয়।

Your Comments