ধনশিৰি নদীত উদ্ধাৰ গড় চিকাৰীৰ মৃতদেহ 

rhino

গোলাঘাটৰ পৰা মীনাক্ষি ফুকন

 

গোলাঘাট জিলাৰ কমাৰগাওঁ অঞ্চলত উদ্ধাৰ কৰা হয় গড় চিকাৰীৰ মৃতদেহ। জানিব পৰা মতে মনজিৎ বৰা ওৰফে ধন নামৰ এই দুধর্ষ গড় চিকাৰীটোক সতীৰ্থ গড় চিকাৰী পল্লৱ বসুমতাৰীয়ে  হত্যা কৰি উটুৱাই দিছিল ধনশিৰি নদীৰ অপেশ্বৰী ঘাটত।হত্যাকাৰী পল্লৱ বসুমতাৰীয়ে কমাৰগাওঁ আৰক্ষীৰ জেৰাত এই কথা স্বীকাৰ কৰিছে।ধৃত পল্লৱৰ স্বীকাৰোক্তিত বুধবাৰে পুৱা অপেশ্বৰী ঘাটৰ পৰা এচডিআৰএফৰ এটি দলে উদ্ধাৰ কৰে চিকাৰীটোৰ মৃতদেহ।


ইফালে,ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে এখন এ এচ ০৫ এম ০৪৩৫ নম্বৰৰ পালচাৰ বাইকো উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। মৃতদেহৰ ডিঙি,মূৰত আঘাটৰ চিন স্পষ্ট। সমগ্ৰ ঘটনা সন্দৰ্ভত  ইতিমধ্যে কমাৰগাওঁ আৰক্ষীয়ে ক্ষীপ্ৰ তদন্ত আৰম্ভ কৰিছে।

Your Comments