শনিবাৰে বঙৰাত 'টেক-চিটী' নিৰ্মাণকাৰ্যৰ আধাৰশিলা স্থাপন কৰে কেন্দ্ৰীয় তথ্য-প্ৰযুক্তি বিভাগৰ মন্ত্ৰী ৰবিশংকৰ প্ৰসাদ আৰু অসমৰ মূখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।
কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰৰ যৌথ উদ্যোগত নিৰ্মাণ হ'বলগা বহু প্ৰতীক্ষিত এই টেক-চিটীৰ আধাৰশিলা স্থাপনে অঞ্চলটোৰ লগতে ৰাজ্যখনলৈ কঢ়িয়াই আনিছে আশাৰ বতৰা ৷
বৰঝাৰ বিমানবন্দৰৰ সমীপৰ দক্ষিণ কামৰূপৰ বঙৰাত প্ৰায় ৩০০ বিঘা মাটিত নিৰ্মাণ হ'বলগীয়া এই টেক-চাটীৰ আধাৰশিলা স্থাপন অনুষ্ঠানত উপস্থিত আছিল মন্ত্ৰী কেশৱ মহন্ত, পলাশবাৰী সমষ্টিৰ বিধায়ক প্ৰণৱ কলিতা আৰু তথ্য-প্ৰযুক্তিৰ কেইবাগৰাকীও বিষয়া ।
উল্লেখ্য যে তথ্য-প্ৰযুক্তিৰ এই বৃহৎ প্ৰকল্পটোত বহুকেইখন ৰাষ্ট্ৰৰ কেইবাটাও কোম্পানীয়ে তেওঁলোকৰ বিভিন্ন সামগ্ৰী উৎপাদন কৰিব ৷ ইতিমধ্যে এই টেক-চিটীত অংশগ্ৰহণ কৰাৰ বাবে চুক্তিবদ্ধ হৈছে আমেৰিকাৰ লগতে বহুকেইখন ৰাষ্ট্ৰ ৷
আনহাতে, ১১৯.৮৯ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ হ'বলগীয়া এই টেক-চিটীৰ লগত ইতিমধ্যে চুক্তিবদ্ধ হৈছে জে এন জে পাৱাৰকম ছিষ্টেম লিমিটেড, এমট্ৰনিক্ছ চি চি, ডি এছ ছিষ্টেম প্ৰাঃ লিঃ, আইডিয়েচন টেকন'লজী ছলুচন্ছ প্ৰাঃ লিঃ, টেলএক্সেল ইনফৰ্মেচন ছিষ্টেম লিঃ, আৰ টি গ্ল'বেল ইনফ'ছলিউচন্ছ ছিষ্টেম লিঃ, বহ্নিমান ছিষ্টেম প্ৰাঃ লিঃ, ইণ্টছিছ ছাৰ্ভিচেছ লিঃ ৷
ইয়াৰ উপৰি বহু উদ্যোগ-প্ৰতিষ্ঠানে ধন বিনয়োগ কৰাৰ লগতে বিভিন্ন সামগ্ৰীও উৎপাদন কৰিব ।
এই টেক-চিটীৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈ উঠিলে ইয়াত প্ৰায় ৮০০০ নিবনুৱাই কৰ্মসংস্থাপন লাভ কৰিব বুলি আশা কৰা হৈছে ।
- Log in to post comments
- 29 views