কল্যাণজ্যোতি বুঢ়াগোহাঁই, শিৱসাগৰ
দুচকীয়া বাহন চলাওতে আপোনাৰ হেলমেট পিন্ধাৰ অভ্যাস নাই নেকি ? এতিয়াৰ পৰা পিন্ধিবলৈ অভ্যাস কৰি লওক। কাৰণ শিৱসাগৰত এতিয়াৰ পৰা 'ন' হেলমেট ন' ফুৱেল' নীতি লাগু কৰা হৈছে। শিৱসাগৰৰ প্ৰত্যেকটো তেল ডিপুত এতিয়াৰ পৰা হেলমেট পৰিধান নকৰা ব্যক্তিক তেল দিয়া নহয়। শিৱসাগৰ জিলা প্ৰশাসনে জিলা পৰিবহন বিভাগৰ সহযোগত পথ দূৰ্ঘটনাৰ পৰা জীৱন বচাবলৈ এই ব্যৱস্থা গ্ৰহণ কৰিছে।
শিৱসাগৰ জিলা উপায়ুক্তৰ স্বাক্ষৰিত এক পত্ৰৰ যোগেদি জিলাখনৰ ২৯ টা পেট্ৰল পাম্পলৈ নিৰ্দেশ জাৰি কৰিছে যে হেলমেট পৰিধান নকৰা কোনো বাইক আৰোহীক যাতে কোনো কাৰণতে তেল প্ৰদান নকৰে। ইয়াৰোপৰি পেট্ৰল পাম্পৰ বিভিন্ন স্থানত চি চি টি ভ কেমেৰা সংস্থাপনৰও নিৰ্দেশ দিছে যাতে হেলমেত পৰিধান নকৰা কোনো ব্যক্তিক যদি তেল প্ৰদান কৰে, তেতিয়া সেই চিচিটিভিৰ দৃশ্যাৱলী চাই প্ৰশাসনে তেল ডিপুৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব পাৰে।
তেল ডিপু সমুহে প্ৰশাসনৰ এই নিৰ্দেশ মানি ২৪ জুনৰে পৰা ডিপুৰ সন্মুখত " ন' হেলমেট ন' ফুৱেল" ফলক আৰি দিয়াৰ লগতে হেলমেট পৰিধান নকৰা ব্যক্তিক তেল প্ৰাদানৰ পৰা বিৰত আছে।
- Log in to post comments
- 15 views