নলবাৰীৰ পৰা হেমন্ত কলিতা,২৬ জুনঃ
নলবাৰী জিলাৰ বাহঁজানীত আজি পুৱাৰ ভাগত পথৰ ওপৰতে বিদ্যুৎৰ খুটা এটা উভালি পৰি এগৰাকী ছাত্ৰী গুৰুতৰ ভাবে আহত হয় ৷ ছাত্ৰী গৰাকী চাইকেলেৰে ঘৰৰ পৰা স্কুলত গৈ থকা সময়তেই এই অঘটনটো সংঘটিত হয়। ঘটনাৰ বিৱৰণি মতে, জিলাখনৰ বাহঁজানীৰ মিলন চ'কৰ পথৰ দাঁতিত থকা বিদ্যুতৰ পকী খুটা এটা অকস্মাতে উভালি নিজ বাহঁজানীৰ গোপাল থান হাইস্কুলত দশম শ্ৰেণীত পঢ়ি থকা ছয়নিকা তালুকদাৰৰ গাতে বাগৰি পৰে। ছয়মাহিলী পৰিক্ষা দিবলৈ নিজৰ চাইকেল খনেৰে স্কুললৈ গৈ থকা ছাত্ৰী গৰাকীৰ গাৰ ওপৰতে বিদ্যুতৰ খুটাটো বাগৰি পৰাত ছাত্ৰী গৰাকী গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হোৱাৰ লগতে ছাত্ৰীগৰাকীৰ চাইকেল খন আৰু ছাতি সম্পূৰ্ণ ৰূপে চেপেটা হয়। আহত ছাত্ৰী গৰাকীক স্থানীয়লোকে ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱায়। জানিব পৰা মতে ছাত্ৰী গৰাকী নিজ বাহঁজানী গাওঁৰ বেজপাৰা চুবুৰীৰ কন্দৰ্প তালুকদাৰৰ কন্যা বুলি জনা যায় ৷
প্ৰত্যক্ষদৰ্শী লোকসকলে জনোৱা মতে ছাত্ৰী গৰাকীৰ মুৰ বা গাত প্ৰত্যক্ষভৱে লগা নাই বাবে ছাত্ৰী গৰাকী অতি গুৰুতৰ আঘাতৰ পৰা ৰক্ষা পৰা বুলি মত ব্যক্ত কৰে৷ উল্লেখ্য যে অঞ্চলটোত আজি ৰাতিপুৱাৰ পৰাই নেৰা নেপেৰাকৈ হৈ থকা বতাহ বৰষুণৰ ফলত অঞ্চল টোৰ গছ-গছনি,ঘৰ দুৱাৰৰ ক্ষতিসাধন হোৱাৰ উপৰি অঞ্চলটোত বহু ৰবি শস্যৰো বিস্তৰ ক্ষতিসাধন হয়। ইয়াৰ উপৰি বৰ্তমানলৈকে বিদ্যুত যোগান ব্যাহত হৈ আছে অাৰু বিদ্যুতৰ খূটাসমুহ ভাঙি পৰা তথা গছ পৰি বিদ্যুতৰ তাঁৰ ছিঙি যোৱাৰ ফলত অাগন্তুক বহু ঘণ্টালৈ ঠায়ে ঠায়ে বিদ্যুত যোগান ব্যাহত হৈ থাকা বুলি জানিব পৰা গৈছে। ইতিমধ্যে, অঞ্চল টোত বিদ্যুৎ সেৱা ব্যাহত হৈ থকা ঘটনা সন্দৰ্ভত ভুক্তভোগী ৰাইজে সংশ্লিষ্ট নলবাৰী বিদ্যুৎ সংমণ্ডলক অৱগত কৰিছে যদিও বিভাগীয় কৰ্তৃপক্ষই তথা কৰ্মচাৰীসকলে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উঠিছে।নামনি অসম বিদ্যুত বিতৰণ কোম্পানীৰ নলবাৰী সংমণ্ডল আৰু উপ সংমণ্ডলৰ বিষয়া, কৰ্মচাৰী আৰু স্থানীয় বিদ্যুত কেন্দ্ৰৰ চৰম গাফিলতিত সংঘটিত হোৱা এই ঘটনাই ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। অভিযোগ অনুসৰি খুটাতো যি হাৰত পুতিব লাগিছিল সেই হাৰত নোপোতাৰ বাবেই এই ঘটনা সংঘটিত হবলৈ পালে বুলিও স্থানীয় লোকে অভিযোগ কৰে। জিলাখনৰ বিভিন্ন প্ৰান্তত বিদ্যুৎ বিভাগৰ হেমাহিৰ বাবে নানা অঘটন ঘটি থকাৰ পিছতো বিভাগটোয়ে চকু মুদি থকা বুলি অভিযোগ কৰিছে। বিদ্যুত বিভাগৰ এনে গাফিলতিৰ বাবে নলবাৰী জিলা প্ৰশাসনক ব্যৱস্থা লবলৈ আহ্বান জনাইছে নলবাৰীৰ সচেতন সমাজে।
- Log in to post comments
- 102 views