ঋণ দিওঁ বুলি প্ৰবঞ্চনাৰে গ্ৰাহকৰ আশাত চেঁচাপানী ঢালিলে "পানী পানী"য়ে

lanka

লঙ্কাৰ পৰা মনোজ কুমাৰ পাঠকৰ প্রতিবেদন :

ঠগ,প্ৰৱঞ্চকে যেন খোপনি পুতিছে লংকাত | সৰ্বসাধাৰণক ঋণ দিয়াৰ প্ৰলোভন দেখুৱাই প্ৰৱঞ্চনাৰ জাল পেলাই কৌশলৰে ধন আত্মসাৎ কৰাৰ অভিযোগ উঠিছে "পানী পানী" নামৰ আত্মসহায়ক
গোটৰ  ফিৰোজা বেগম নামৰ এগৰাকী মহিলাৰ বিৰুদ্ধে ।জানিব পৰা মতে এজন দুজন নহয় প্ৰায় ৪০ জন লোকক ঋণ দিয়াৰ প্ৰলোভন দেখুৱাই প্ৰত্যকৰে পৰাই ২৬০০ টকাকৈ প্ৰায় লক্ষাধিক টকা সংগ্ৰহ কৰিছিল ফিৰোজা বেগম নামৰ মহিলা গৰাকীয়ে ।খুব কম দিনৰ ভিতৰতে যাৱতীয় নথি-পত্ৰৰ লগতে উল্লেখিত হাৰত ধন খিনিয়ো হস্তগত কৰি লৈ দুই এমাহৰ ভিতৰতে ঋণ প্ৰদানৰ প্ৰতিশ্ৰুতিয়ো দিছিল মহিলা গৰাকীয়ে |পিছে ,এমাহ দুমাহকৈ ৯ মাহ পাৰ হোৱাৰ পিছতো ঋণৰ কোনো মুখ নেদেখাত মহিলা গৰাকীৰ কথা আৰু কামত সন্দেহ ওপজিব ধৰে ঋণ পাম বুলি ৰৈ থকা সকলৰ। অৱশেষত বুধবাৰে মহিলা গৰাকীৰ ওপৰত খৰ্গহস্ত হৈ পৰা এই সকল লোকে প্ৰৱঞ্চনাৰ অভিযোগ তুলি ফিৰুজা বেগম নামৰ মহিলা গৰাকীক কৰায়ত্ত কৰি গতাই দিয়ে লংকা আৰক্ষীক ।"পানী পানী" নামৰ আত্মসহায়ক গোটৰ পৰা লাখ লাখ টকাৰ ঋণ লাভ কৰিব বুলি আশাপালি থকা সকলৰ আশাত এই ঘটনাই যেন চেঁচা পানীহে পেলালে।

Your Comments