বিশ্বনাথত বিদ্যুৎৰ তাঁৰ মেৰামতি কৰিবলৈ গৈ খুটাৰ ওপৰতে জ্বলি শেষ হ'ল বিভাগৰ এজন কৰ্মচাৰী

bc

 বিশ্বনাথ চাৰিআলি,২৬জুন :

বিশ্বনাথৰ বিদ্যুৎ বিভাগৰ চূড়ান্ত গাফিলটিৰ বাবে আজি বিশ্বনাথত শোকবহ ভাবে মৃত্যুক সাৱটি লবলগীয়া হয় বিশ্বনাথ উপ সংমণ্ডলৰ বিদ্যুৎ বিভাগৰ এজন অস্থায়ী কৰ্মচাৰীয়ে। অতি শোকাবহ ভাবে মৃত্যু ঘটা কৰ্মচাৰী জন বিশ্বনাথঘটৰ ৰবীন দাস(২৬)বুলি জানিব পৰা গৈছে।জানিবপৰা মতে বিদ্যুৎ বিভাগৰ কৰ্মচাৰী জনে আজি পুৱা প্ৰায় ১০-২০মান বজাত বিশ্বনাথ চাৰিআলিৰ মিউজিক ইণ্ডিয়া নামৰ দোকান খনৰ সমুখৰ ১১কে ভি লাইন মেৰামতিৰ বাবে খুটাত উঠিছিল। প্ৰথমবাৰ মেৰামতি কৰি নামি আহি লাইনৰ বিসংগতি দেখি দ্বিতীয়বাৰৰ বাবে খুটাত উঠি বিসংগতি দূৰ কৰাৰ প্রচেষ্টা চলাওঁতেই বিদ্যুৎ প্ৰবাহিত হৈ থিতাতে মৃত্যু ঘটে কৰ্মচাৰী জনৰ। বিদ্যুৎ উপ-সংমণ্ডলটোৰ কন্ট্ৰল ৰুমৰ কৰ্মচাৰীৰ গাফিলতিৰ বাবেই বিশ্বনাথ চাৰিআলি চহৰৰ মাজমজিয়াত ১১ কেভি বিদ্যুৎ পৰিবাহী তাঁৰত লাগি অতি কৰুণ ভাৱে কৰ্মচাৰীজনে মৃত্যুক সাৱটি লব লগীয়া হোৱা ঘটনাই জোকাৰি গৈছে সমগ্ৰ বিশ্বনাথ অঞ্চল।


প্ৰত্যক্ষদর্শীৰ পৰা জানিব পৰা মতে,পুৱা বিশ্বনাথ চাৰিআলি নগৰৰ মাজমজিয়াত থকা ১১ কেভি বিদ্যুৎ পৰিবাহী তাঁৰত হোৱা কিছু বিসংগতি মেৰামতিৰ বাবে উপ সংমণ্ডলটোৰ ৪জন কৰ্মচাৰী এখন বলেৰ পিক আপ গাড়ীৰে সেই স্থানলৈ আহিছিল। প্ৰথমে ৰবিন দাস নামৰ অস্হায়ী কৰ্মচাৰী জনে এডাল জখলাৰে বিদ্যুতৰ খুটাৰ ওপৰলৈ উঠি গৈ বিসংগতিটো মেৰামতি কৰে আৰু তললৈ নামি আহে। ইয়াৰ পিছতে আন এজন কৰ্মচাৰীয়ে উপ সংমণ্ডলটোৰ নিয়ণ্ত্ৰণ কক্ষলৈ ফোন কৰি বিদ্যুৎ দিবলৈ কয়। কিন্তু বিদ্যুৎ দিয়াৰ পিছত পুণৰ বিসংগতিয়ে দেখা দিয়ে। তেতিয়া পুণৰ বিদ্যুৎ কৰ্তন কৰিবলৈ কৈ ৰবিনক পুণৰ খুটাৰ ওপৰত উঠিবলৈ কৈ মেৰামতিৰ বাবে যোৱা অইন কৰ্মচাৰী সকলে  নিজৰ মাজত কথা পতাত ব্যস্ত হৈ থাকে।

যেতিয়া ৰবিন বিদ্যুতৰ খুটাৰ ওপৰলৈ গৈ মেৰামতিৰ বাবে বিদ্যুৎ পৰিবাহী তাঁৰত হাত দিয়ে তেতিয়াই এই শোকাৱহ ঘটনাতো সংঘটিত হয়। বিদ্যুৎ পৰিবাহী তাঁৰত লাগি ৰবিনৰ দেহৰঅধিক অংশ ওপৰতেই জ্বলি যাই আৰু পিছত ডিঙি ছিন্ন হৈ তললৈ সৰি পৰে।  লগে লগে হুৱাদুৱা লাগে আৰু বিদ্যুৎ বিভাগৰ বাকী সকল কৰ্মচাৰী ঘটনাস্হলীৰ পৰা পলায়ন কৰে।  উল্লেখ্য যে সঞ্জয় ভূঞা নামৰ ফিডাৰ মেইনটেইনেঞ্চ ইঞ্জিনীয়াৰ জনৰ চৰম গাফিলতিৰ বাবেই এই সমস্ত ঘটনা সংঘটিত হৈছে বুলি অভিযোগ উঠিছে। এগৰাকী অস্থায়ী কৰ্মচাৰীক কিদৰে খুটাত উঠাই বিদ্যুত বিভাগে মেৰামতিৰ কাম কৰিবলৈ দিয়ে তাক লৈও প্ৰশ্ন উঠিছে ৷ একাংশ স্থায়ী কৰ্মচাৰীয়ে নিজে কাম নকৰাকৈ অস্থায়ী কৰ্মচাৰীক কামত খটুৱাৰো অভিযোগ উঠিছে ৷

ইফালে স্হানীয় ৰাইজে বিশ্বনাথৰ বিদ্যুৎ উপ সংমণ্ডলটো ঘেৰাও কৰি পৰিস্হিতি উত্তপ্ত কৰি তোলে। ৰাইজৰ উগ্ৰমুৰ্তি দেখি কাৰ্যালয়টোৰ পৰা সকলো কৰ্মচাৰী পলায়ন কৰিছে। নিহত ৰবীনৰ পৰিয়ালক ৫০ লাখ টকা ক্ষতিপুৰন আৰু পৰিয়ালৰ এজনক চৰকাৰী চাকৰি দিয়াৰ দাবী তুলিছে ৰাইজে ৷ বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ আৰু আৰক্ষী অধিক্ষক ৰাকেছ ৰোছনে সমগ্ৰ ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত কৰাৰ কথা উল্লেখ কৰিছে ৷ইতিমধ্যে ৰবীন দাসৰ মৃত দেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে বিহালিলৈ প্ৰেৰণ কৰা হৈছে।ইফালে বিদ্যুৎ বিভাগৰ অস্থায়ী  কৰ্মচাৰী ৰবীন দাসৰ মৃত্যুৰ পিছত শোকাকুল পৰিবেশৰ সৃষ্টি হৈছে বিশ্বনাথত।যোৱা প্ৰায় ৭বছৰৰ পূৰ্বে ৰবীন দাসে অস্থায়ী কৰ্মী ৰূপে কামত যোগদান কৰিছিল বিদ্যুৎ বিভাগত।তেতিয়াৰে পৰা নিষ্ঠা  আৰু একাগ্ৰতাৰে কাম কৰি যোৱাৰ পিছতো চাকৰি নিয়মীয়া নহল তেওঁৰ। কামত কেতিয়াও পিছ নপৰা ৰবীন দাসে আজিও আন এজন কৰ্মচাৰীয়ে খুটাত উঠাৰ ইচ্ছা কৰিছিল যদিও তেওঁক বাৰণ কৰি নিজে উঠিছিল খুটাত।

হাতত গ্লোবছ লৈ উঠা ৰবিনৰ গ্লোবছ তেনেকৈয়ে থাকিল। মানুহৰ চকুৰ আগতে জ্বলি জ্বলি শেষ হৈ গল এইজন কৰ্মচাৰী। মৃত্যুৰ সময়ত ৰবিনে পিতৃ মাতৃ, পত্নীৰ উপৰি এটি ডেৰ বছৰীয়া পুত্ৰ সন্তান ইহঃ সংসাৰত এৰি থৈ গৈছে।ইপিনে বিশ্বনাথ চাৰিআলিৰ বিদ্যুৎ উপ সং মণ্ডল কাৰ্যালয়টোত এতিয়া স্থায়ী কৰ্মচাৰীৰ সংখাত কৈ অস্থায়ী কৰ্মচাৰীৰ সংখ্যা বেছি বুলি জানিব পৰা গৈছে।ইপিনে বিশ্বনাথ জিলা উপায়ুক্ত ৰ কাৰ্যালয়ত আজি এই বিষয় টো লৈ বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিৰ উপস্থিতিত এখন সভা অনুষ্ঠিত কৰে।

Your Comments