কল্যাণজ্যোতি বুঢ়াগোহাঁই, শিৱসাগৰ :
শিৱসাগৰ চহৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ সমীপৰ বেতবাৰীত আজি দিনৰ ১০.৩০ বজাত এখন বলেৰ' আৰু এখন পিক আপ ভানৰ সৈতে মুখামুখি সংঘৰ্ষত দৰা-কইনা সহ কেইবাজনো ব্যক্তি আহত হয়। ঘটনাৰ বিৱৰণি মতে, মুকেশ প্ৰসাদ নামৰ ব্যক্তিজনে গোলাঘাট জিলাৰ সৰুপথাৰৰ পৰা কইনা লৈ তিনিচুকীয়ালৈ গৈ থকা অৱস্থাত শিৱসাগৰ চহৰৰ সমীপৰ বেতবাৰী অঞ্চলত বিপৰীত দিশৰ পৰা পেণ্ডেলৰ সামগ্ৰী কঢ়িয়াই অনা এখন পিক আপ ভানৰ সৈতে মুখামুখি সংঘৰ্ষ হয়।
জানিব পৰা মতে বলেৰ' খনৰ টায়াৰ ব্লাষ্ট হোৱাৰ ফলত নিয়ন্ত্ৰণ হোৰুৱাই পিক আপ ভানখনত তীব্ৰ জোঁৰত খুন্দিয়াই। ঘটনাৰ সন্দৰ্ভত স্থানীয় লোকে আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে দৰা- কইনা সহ দুয়োখন গাড়ীৰ আৰোহীক উদ্ধাৰ কৰি শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। দূৰ্ঘটনাত আহতসকল বৰ্তমান বিপদমুক্ত বুলি জানিৱ পৰা গৈছে।
- Log in to post comments
- 19 views