বাটগাঁৱত পথ দুৰ্ঘটনা,কথমপি প্ৰাণ ৰক্ষা চেঙা জিলা পৰিষদৰ সদস্য বসন্ত ঠাকুৰীয়াৰ

senga

চেঙাৰ পৰা সুৰজিৎ পাঠক, ২৬ জুনঃ

বৰপেটা জিলাৰ বাটগাঁও মতাবৰী চ'কত এক পথ দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰে চেঙা জিলা পৰিষদৰ সদস্য বসন্ত ঠাকুৰীয়াৰ । ঘটনাৰ বিবৰণী মতে আজি আবেলি বসন্ত ঠাকুৰীয়াই চেঙাৰ পৰা  বৰপেটালৈ গৈ থকা অৱস্থাত মতাবৰী চ'কৰ কেঁকুৰীটোত সন্মূখৰ পৰা আহি থকা তীব্ৰবেগী মটৰ চাইকেল এখনে নিয়ন্ত্ৰণ হেৰুৱাই ঠাকুৰীয়াৰ এ এছ ১৫এম ৭৩৭৪ নম্বৰৰ ডাটচোন গো প্লাচ গাড়ীখনত প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে । ফলত গাড়ীখনৰ  সোঁফালটো সম্পূৰ্ণ খহি পৰে আৰু ঠাকুৰীয়াৰ কথমপি প্ৰাণ ৰক্ষা পৰে । তীব্ৰবেগী নম্বৰ বিহীন ১৫০ পালচাৰ বাইকখনত চালক মফিজুল আলীসহ দুগৰাকী কিশোৰী আছিল । দুৰ্ঘটনাটোত কিশোৰীদুগৰাকীয়ে গুৰুতৰভাৱ আঘাত পোৱাত বসন্ত ঠাকুৰীয়াই  তৎপৰতাৰে  ১০৮ এম্বুলেন্সেৰে বৰপেটা চিকিৎসালয়লৈ পঠিয়াই দিয়ে । ঘটনাস্থলীত তাৰাবাৰী আৰক্ষী উপস্থিত হৈ ঘটনাৰ বুজ লয় আৰু গাড়ী দুখন তাৰবাৰী আৰক্ষী থানালৈ লৈ আহে । অনভিজ্ঞ একাংশ চালকৰ দৌৰাত্ম্যৰ বাবেই এই ধৰণৰ দুৰ্ঘটনাবোৰ সংঘটিত হোৱা বুলি স্থানীয় লোকে মন্তব্য কৰে ।

Your Comments