নগাঁৱৰ পৰা ৱাহিদুদ জামান:
নগাঁও অগ্ৰণী চিত্ৰ-ভাস্কৰ্য প্ৰতিষ্ঠান আনুপূৰ্বিক চিত্ৰ ভাস্কৰ্য বিদ্যালয়ৰ অধ্যক্ষ ৰাজীৱ দাসলৈ "ৰাষ্ট্ৰীয় শিখৰ চিত্ৰকাৰ সন্মান ২০১৯ প্ৰদান কৰা হৈছে। বিখ্যাত ভাৰতীয় চিত্ৰশিল্পী ৰাজা ৰবি বৰ্মাৰ প্ৰতি শ্ৰদ্ধা জনাই "ভাৰতীয় সাহিত্যিকাৰ সংসদ" নামৰ সংগঠনটোৱে বিহাৰৰ ৰাজ্য সমস্তিপুৰ জিলাৰ দুৰ্গাবাৰী প্ৰেক্ষাগৃহত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাজীৱ দাসক এই সন্মানজনক বঁটা দিয়া হয়। এই বঁটা হিচাপে আছে মান পত্ৰ, মেমেন্টো, শ্ব’ল , কিতাপৰ টোপোলা আৰু বিভিন্ন উপহাৰ। পঞ্জাৱ, কৰ্ণাটক ,কলকাতা, ঝাৰখণ্ড, মুম্বাই আৰু বিভিন্ন ৰাজ্যৰ বিভিন্ন সাংস্কৃতিক দিশত পাৰদৰ্শিতা দেখুওৱা মুঠ ৩০ জন ব্যক্তিক এই বঁটা প্ৰদান কৰা হয়। উল্লেখ্য, নগাঁও চহৰৰ পানীগাঁও নেতাজী ৰোডৰ নিবাসী চহৰৰ অগ্ৰণী চিত্ৰ-ভাস্কৰ্য্ প্ৰতিষ্ঠান আনুপূৰ্বিক চিত্ৰ -ভাস্কৰ্য্ বিদ্যালয়ৰ অধক্ষ্য হিচাপে আৰু চিত্ৰ কলাৰ লগত দীৰ্ঘদিন ধৰি জড়িত হৈ আছে। ইয়াৰ পূৰ্বেও তেওঁ আন্তঃৰাষ্ট্ৰীয় শিখৰ সন্মান ,বিভিন্ন ৰাজ্যৰ পৰা ৰাষ্ট্ৰীয় ড' আম্বেদকাৰ বঁটা ,নন্দশ্ৰী বঁটা ,যুৱ বটাঁ ,ৰাষ্ট্ৰীয় শিখৰ সন্মান, বেষ্ট নেচনেল চেন্টাৰ ইনচাৰ্জ বঁটা, চিত্ৰকৃৎ বঁটা, জাতীয় ফটোগ্ৰাফী বঁটা সহ আদিকে ধৰি বিভিন্ন সন্মান লাভ কৰি অসমৰ লগত জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনে।
- Log in to post comments
- 9 views