কামাখ্যাত কি গুৰুত্বপূৰ্ণ ঘোষণা কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, জানিবলৈ ক্লিক কৰক....

himan

নিউজ ডেস্ক :

অম্বুবাচীৰ নিবৃত্তিৰ পাছত আজি পুৱা পোৱা ৫.১৫বজাত ভক্তৰ বাবে পুনৰ মুকলি কৰা হয় কামাখ্যা মন্দিৰৰ মূল দ্বাৰ। পুৱাই  কামাখ্যা দেৱীৰ আশীষ বিচাৰি মন্দিৰত উপস্থিত হয় ৰাজ্যপাল জগদীশ মুখী।ৰাজ্যপাল গৰাকীয়ে কামাখ্যা দেৱীক সেৱা আগবঢ়াই কয় যে "মা কামাখ্যাৰ আশীৰ্বাদেৰে দ্ৰুত গতিত অসমৰ বিকাশ হওঁক"।


ইফালে ৰাজ্যপালৰ উপৰিও আজি পুৱাই কামাখ্যা মন্দিৰ দর্শন কৰে ৰাজ্যৰ বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।কামাখ্যা দেৱীক সেৱা আগবঢ়াই মন্ত্ৰী শৰ্মাই কয় "শীঘ্ৰেই কামাখ্যা মন্দিৰলৈ যোৱা দ্বিতীয়তো বাট সম্পূৰ্ণ হ'ব"।লগতে তেওঁ ঘোষণা কৰে "অসমৰ ১০০০টা এশবছৰীয়া পুৰণি আধাত্মিক অনুষ্ঠানলৈ আগন্তক তিনি মাহত মুকলি কৰি দিয়া হ'ব অনুদান।

Your Comments