চিৰাঙৰ উত্তৰাঞ্চলত বান ,অৰ্ধ শতাধিক গাঁও প্লাৱিত

ban

বঙাইগাঁওঃ

চুবুৰীয়া ৰাষ্ট্ৰ ভূটানত হোৱা নেৰা- নেপেৰা বৰষুণৰ ফলত নামি অহা বাঢ়নী পানীয়ে আজি চিৰাং জিলাৰ বহু গাঁও প্লাৱিত কৰে ৷ আজি পুৱতি নিশাৰ পৰা চিৰাং জিলাৰ উত্তৰাঞ্চলৰ আই নদীৰ লগতে নাঙলভাঙা, টাক্লাই , মাক্ৰা আদি উপনৈৰ বাঢ়নী পানীয়ে বুৰাই পেলায় অৰ্ধ শতাধিক গাঁও । ভূটানৰ পৰা নামি অহা এই বাঢ়নী পানীয়ে ইতিমধ্যে ডাবাবিল, মাদাৰপুৰ, আইপোৱালী, ধুবুৰী, মাণিকপুৰ সহ অৰ্ধশতাধিক গাঁও প্লাৱিত কৰিছে । আই নদীৰ বাঢ়নী পানীৰ ফলত জিলাখনৰ বিজনী মহকুমাৰ এক নং মাজৰাবাৰী, দুই নং  মাজৰাবাৰী , শিশুবাৰী দ্বিতীয় খণ্ড আৰু শিশুবাৰী তৃতীয় খণ্ড গাঁও কেইখন প্লাৱিত হয় ৷ বাঢ়নী পানীয়ে এক আৰু দুই নম্বৰ মাজৰাবাৰী গাঁৱৰ মাজত থকা এটা কালভাৰ্টৰ দুয়ো কাষ খহাই নিয়াত গাঁও দুখনৰ যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰিছে ৷bgn2

ইপিনে ডাবাবিলত নৈৰ বাঢ়নি পানীয়ে কে'বাটাও পৰিয়ালৰ ঘৰ ভাঙি দিয়ে ৷ ফলত পৰিয়ালৰ পশুধন আৰু পৰিয়াল সমূহ বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে ৷ এই বাঢ়নী পানীত শাক- পাচলিৰ লগতে পথাৰৰ ধান ক্ষতিগ্ৰস্ত হৈছে ৷ সেইদৰে গাঁওসমূহৰ ভালে কেইটা পুখুৰীত বানৰ পানী সোমোৱাত বহু  লাখ টকাৰ মাছ ওলাই গৈছে বুলি জানিব পৰা গৈছে ৷bg

চিৰাং জিলা প্ৰশাসনে ইতিমধ্যে বানৰ দুৰ্গত লোক সকলৰ পৰিস্থিতিৰ বুজ লৈছে ৷ অৱশ্যে আবেলি ভাগত বানৰ জলস্তৰ কমিব ধৰিছে বুলি জানিব পৰা গৈছে ৷

Your Comments