মৰিগাওঁ জিলা উপায়ুক্তৰ উপস্থিতিত এ পি ডি চি এলৰ মৃত কৰ্মচাৰীৰ পৰিয়াললৈ ২ লাখ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য প্ৰদান 

mrgn

জিতুমনি নাথ, মৰিগাঁও,২৫ জুন :

মৰিগাওঁ জিলাৰ এ পি ডি চি এলৰ মৃত কৰ্মচাৰী ৰামসুন্দৰ বিশ্বাসৰ পৰিয়াললৈ আজি মৰিগাওঁ জিলা উপায়ুক্তৰ উপস্থিতিত এ পি ডি চি এলৰ মুখ্য কাৰ্যবাহী বিষয়া ভাস্কৰজ্যোতি বৰাই ২ লাখ ৫০ হাজাৰ টকা আৰ্থিক সাহায্য প্ৰদান কৰে। অতিৰিক্ত উপায়ুক্ত লক্ষীনন্দন চহৰীয়া উপস্থিতি থকা অনুষ্ঠানটোত এ পি ডি চি এলৰ মুখ্য কাৰ্যবাহী বিষয়া গৰাকীয়ে আৰ্থিক সাহায্যৰ চেকখন প্ৰদান কৰে ৰামসুন্দৰ বিশ্বাসৰ পুত্ৰ ইন্দ্ৰমোহন বিশ্বাসক। উল্লেখ্য যে মৰিগাঁও জিলাৰ ভূৰাগাঁও আৰক্ষী থানাৰ অন্তৰ্গত বৰুণগুৰি গাৱঁৰ এ পি ডি চি এলৰ কৰ্মচাৰী ৰামসুন্দৰ বিশ্বাসক ২০১৮ চনৰ ২৯ অক্টোবৰত কৰ্মৰত অৱস্থাতে বৈদ্যুতিক দূৰ্ঘটনাত মৃত্যু ঘটিছিল। ইয়াৰ পিছতেই পৰিয়ালটোক ক্ষতিপূৰণ হিচাপে বিভাগীয় ভাৱে আজি এই সাহায্য প্ৰদান কৰে।

Your Comments