চিনেমা নিৰ্মাণৰ বাবে ৰিমা দাসলৈ ৰাজ্য চৰকাৰে আগবঢ়ালে ৫০লাখ টকা 

cinema

নিউজ ডেস্ক :

ভিলেজ ৰকষ্টাৰৰ জৰিয়তে সমগ্ৰ ৰাজ্যবাসীৰ তথা বিশ্ববাসীৰ হৃদয় জয় কৰিবলৈ সক্ষম হোৱা অসম কন্যা ৰিমা দাসে পৰিচালনা কৰিব এখন নতুন অসমীয়া ছবি "পূৰ্ণ চন্দ্ৰা"ৰ।অসম চলচ্চিত্ৰ আৰু বিত্ত নিগমৰ বেনাৰত নিৰ্মিত হ'ব লগা নতুন ছবিখনৰ কাম আৰম্ভ হ'ব চলিত বৰ্ষৰ আগষ্ট মাহৰ পৰা। এই কথা আজি এক সংবাদ মেল সম্বোধন কৰি জানিবলৈ দিয়ে অসম চলচ্চিত্ৰ বিত্ত নিগমৰ অধ্যক্ষ যতীন বৰাই। অধ্যক্ষ বৰাই লগতে কয় ছবিখন নিৰ্মান কৰাৰ বাবদ ৰিমা দাসক অসম চৰকাৰৰ চলচিত্ৰ আৰু বিত্ত নিগমৰ ফালৰ পৰা ৫০লাখ টকা দিয়া হ'ব।ছবিখন নিৰ্মান কৰোতে যিখিনি টকা খৰচ হয় তেওঁ কৰি যাব আৰু যদি কেনেবাকৈ ৰৈ যায় তেন্তেসেই টকাখিনি নিগমক ঘূৰাই দিব বুলিও তেওঁ জানিব দিয়ে। উল্লেখ্য যে ইয়াৰ পূৰ্বেয়ো অসম চৰকাৰে ছবি নিৰ্মাণৰ বাবে ৫০লাখ টকা প্ৰদান কৰিছিল ছবি পৰিচালনক জাহ্নু বৰুৱাক।
আজিৰ এই সংবাদ মেলতে যতীন বৰাই জানিবলৈ দিয়ে যে চুটি ছবি আৰু এনিমেছন নিৰ্মাণত অসম চৰকাৰে ৰাজসহাৰ্যৰ অনুমোদন জনাইছে।তাৰ বাবে চৰকাৰে এক কোটি টকা ইতিমধ্যে মুকলি কৰি দিয়াৰ কথাও আজিৰ সংবাদ মেলতে তেওঁ জানিবলৈ দিয়ে।তেওঁ কয় এই ৰাজসাহায্য চুটি ছবি সমূহৰ সময়ৰ ওপৰত ভিত্তি কৰি ৫লাখৰ পৰা ২৫লাখ টকালৈকে প্ৰদান কৰা হ'ব।তেওঁ লগতে আৰু কয়  অসমৰ চলচ্চিত্ৰ উদ্যোগতো পুনৰ জীয়াই তুলিবলৈ হলে  ৰাজ্যত বন্ধ হৈ থকা চিনেমা হ'ল সমূহ পুনৰ নিৰ্মান কৰাৰ লাগিব। আৰু ইয়াৰ বাবে চৰকাৰে ইতিমধ্যে ধন মুকলি কৰিছে বুলিও তেওঁ ঘোষণা কৰে।
আনহাতে আজি এই সংবাদ মেলত উপস্থিত থাকি পৰিচালক ৰিমা দাসে কয় ভিলেজ ৰকষ্টাৰৰ সফলতাৰ পিছত তেওঁৰ দ্বিতীয়খন ছবি "বুলবুল কেন ছিং" চলিত বর্ষৰ আগষ্ট পৰা ছেপ্টেম্বৰ মাহৰ ভিতৰত  দর্শকৰ বাবে মুকলি কৰি দিয়া হ'ব। ইয়াৰ উপৰিও আজি সংবাদ মেলত ৰিমা দাসে কয় ভিলেজ ৰকষ্টাৰ অস্কাৰলৈ মনোনীত হওতে যি সকলে আৰ্থিক অনুদান আগবঢ়াইছিল সেই সকলোকে সহ প্ৰযোজক হিচাপে লৈ তেওঁ এখন নতুন চিনেমা নিৰ্মান কৰিব।য'ত লাভাংশ পাব অনুদান আগবঢ়োৱা প্ৰত্যেকজন লোকে।

ইফালে আজিৰ এই সংবাদ মেলতে ভ্ৰাম্যমাণ থিয়েটাৰ বৰদৈচিলাত চুক্তিবদ্ধ হোৱা অভিনেত্ৰী প্ৰাঞ্জনা দত্তৰ লগত থিয়েটাৰ গোষ্ঠীটোৰ চুক্তি বাতিল হোৱাৰ প্ৰসংগক তেওঁ দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰাৰ লগতে দুয়ো পক্ষই  আলোচনাৰ মাধ্যমেৰে সমস্যাতো সমাধান কৰিব লাগিছিল বুলিও তেওঁ মত প্ৰকাশ কৰে।

Your Comments