গোলাঘাটত ধূপকাঠি প্ৰস্তুত প্ৰশিক্ষণৰ সামৰণি

গোলাঘাটত ধূপকাঠি প্ৰস্তুত প্ৰশিক্ষণৰ সামৰণি

গোলাঘাটত ইউনাইটেড গ্ৰাম্য স্বৰোজগাৰ প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ দ্বাৰা পৰিচালিত ১০দিনীয়া ধূপকাঠি তৈয়াৰী প্ৰশিক্ষণৰ আজি সামৰণি পৰে ।

সামৰণী অনুষ্ঠানত উপস্থিত থাকে আৰছেটিৰ ৰাজ্যিক সঞ্চালক বাবুল শৰ্মা, গোলাঘাটৰ জিলা উদ্যোগ কেন্দ্ৰৰ জেনেৰেল মেনেজাৰ দিলীপ কুমাৰ বৰুৱা আৰু এ এছ আৰ এল এমৰ ডি পি এম লক্ষ্মী নাৰায়ণ গোস্বামী ।

বিশিষ্ট ব্যক্তিসকলে প্ৰশিক্ষাৰ্থীসকলক উৎসাহিত কৰাৰ লগতে বহুমূলীয়া গঠনমূলক পৰামৰ্শ দিয়ে ।

মুঠ ৩১গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা সামৰণী অনুষ্ঠানটোৰ আঁতধৰে ইউনাইটেত আৰছেটি গোলাঘাটৰ সঞ্চালক বিদ্যুৎ খাতনিয়াৰে।

Your Comments