বিহাৰত এনকেফেলাইটিছ ৰোগে সংহাৰী ৰূপ ধাৰণ কৰিছে।বিহাৰৰ ১৬ খন জিলাত ৬০০ৰো অধিক শিশু ৰোগবিধত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে।ইয়াৰে ১৪৫ টা শিশুৰ ইতিমধ্যে মৃত্যু হৈছে।কেৱল মুজফ্ফৰপুৰতে ১২৭ টা শিশুৰ মৃত্যু হৈছে।
ৰাজ্যখনৰ স্বাস্থ্য বিভাগে ৰোগবিধ নিয়ন্ত্ৰণৰ বাবে চেষ্টা কৰি আছে যদিও এতিয়াও উপযুক্ত সুফল লাভ কৰিবলৈ সক্ষম হোৱা নাই।বিশুদ্ধ খোৱাপানী,পুষ্টিযুক্ত খাদ্য,উপযুক্ত স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত দৰিদ্ৰ পৰিয়ালসমূহৰ শিশু এই মাৰাত্মক ৰোগত অধিকভাৱে আক্ৰান্ত হৈছে।
- Log in to post comments
- 5 views