নিউজ ডেস্ক:
অন্ধ্ৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু আৰু টিডিপিক বাৰম্বাৰ ৰাজনৈতিক বিপৰ্যয়ে জোকাৰি যাবলৈ ধৰিছে।বিগত লোকসভা নিৰ্বাচনত অন্ধ্ৰৰ ২৫ খন আসনৰ মাত্ৰ ৩ খনত তেলুগু দেশমে জয়লাভ কৰিবলৈ সক্ষম হৈছিল।আনহাতে,লোকসভা নিৰ্বাচনৰ সৈতে অনুষ্ঠিত বিধানসভা নিৰ্বাচনত দলটোৱে ১৭৫ খন আসনৰ ভিতৰত মাত্ৰ ২৩ খন আসন লাভ কৰিছিল।
ইয়াৰ পিছতে বৃহস্পতিবাৰে টিডিপিৰ ৰাজ্যসভাৰ ৬ গৰাকী সাংসদৰ ৪ গৰাকীয়ে বিজেপিত যোগ দিয়াত দলটো আন এটা বিপৰ্যয়ৰ সন্মুখীন হয়।এটা যোগদান অনুষ্ঠানত বিজেপিৰ কাৰ্যবাহী সভাপতি জে পি নাড্ডাই তেওঁলোকক গেৰুৱা দললৈ আদৰে।
- Log in to post comments
- 9 views