যোগ সকলোৰে আৰু সকলো যোগৰ:প্ৰধানমন্ত্ৰী মোডী

modi

নিউজ ডেস্ক:
আজি বিশ্বজুৰি পালন কৰা হৈছে পঞ্চম আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱস।ভাৰতৰ বহু নগৰ-চহৰ,গ্ৰামঞ্চলত শুকুৰবাৰে জনতাই সমূহীয়াভাৱে যোগাভ্যাস কৰি যোগ দিৱস পালন কৰিছে।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচী চহৰৰ প্ৰভাত তাৰা মৈদানত  ৪০ হাজাৰ লোকৰ সৈতে যোগাভ্যাস কৰে।


আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে যোগাভ্যাস কৰাৰ জড়িয়তে ৰোগৰ পৰা ৰক্ষা পাব পাৰি।যোগ সন্দৰ্ভত অধিক গৱেষণাৰ পোষকতা কৰে প্ৰধানমন্ত্ৰীয়ে।যোগ সকলো জাতি-ধৰ্ম-বৰ্ণ-সম্প্ৰদায়ৰ বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে।প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে-'যোগ সকলোৰে আৰু সকলো যোগৰ।'

Your Comments