শপত গ্ৰহণ কৰিলে ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই

rajya sava

নিউজ ডেস্ক:
যোৱা ১৪জুনত খালি হোৱা অসমৰ ৰাজ্যসভাৰ দুখন আসনত আজি শপত গ্ৰহণ কৰিলে অসমৰ নৱনিৰ্বাচিত দুই সাংসদে।বিজেপি দলৰ কামাখ্যা প্ৰসাদ তাছা আৰু অগপ দলৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই শপত গ্ৰহণ কৰে।


দুয়োগৰাকী নৱনিৰ্বাচিত ৰাজ্যসভাৰ সাংসদক গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱাই উপৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে।দুয়োগৰাকী সাংসদে অসমীয়াতে শপত গ্ৰহণ কৰে।


উল্লেখ্য যে কংগ্ৰেছৰ দুই সাংসদ প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিং আৰু শান্তিয়াছ কুজুুৰৰ কাৰ্যকাল শেষ হোৱাৰ পিছত অসমৰ দুখন আসন খালি হৈছিল।তাৰ পিছত বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছিল কামাখ্যা প্ৰসাদ তাছা আৰু বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য।

Your Comments