নিউজ ডেস্ক :
দেশ শাসনৰ বাবে দ্বিতীয়টো কাৰ্যকালৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে অগপৰ কেন্দ্ৰীয় নেতৃত্বই সাক্ষাৎ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক।আজি দুয়োগৰাকী নেতাকে নতুন দিল্লীত পৃথকে পৃথকে সাক্ষাৎ কৰে অগপৰ প্ৰতিনিধি দলটোৱে।দলটোৱে প্ৰধানমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰি দ্বিতীয়টো কাৰ্যকালৰ বাবে শুভেচ্ছা জনায়।লগতে প্ৰধানমন্ত্ৰীগৰাকীক অসমৰ প্ৰতি দায়বদ্ধতা পালন কৰি অসম চুক্তিকে ধৰি অসমৰ সমস্যাসমূহ সমাধান কৰিবলৈ আহ্বান জনায়। ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অগপৰ প্ৰতিনিধি দলটোক আশ্বাস প্ৰদান কৰি কয় যে অসমৰ জনসাধাৰণক দিয়া প্ৰতিশ্ৰুতিসমূহ পালন কৰা হ'ব আগন্তক পাঁচ বছৰত।অসমৰ সমৃদ্ধি আৰু উন্নয়নৰ বাবে কেন্দ্ৰই সকলো ধৰণৰ সহযোগিতা প্ৰদান কৰিব বুলি আশ্বাস প্ৰদান কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।
ইয়াৰ পিছতে প্ৰতিনিধি দলটোৱে সাক্ষাৎ কৰে গৃহমন্ত্ৰী অমিত শ্বাহক। গৃহমন্ত্ৰীগৰাকীক ভাৰত-বাংলাদেশ সীমান্ত পৰিদর্শন কৰি নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰাৰ লগতে অসম চুক্তি আখৰে আখৰে ৰূপায়ণ কৰাৰ বাবে আহ্বান জনায়।অগপ দলটোৰ আহ্বানত শ্বাহে কয় যে অতি সোনকালে তেওঁ পৰিদর্শন কৰিব ভাৰত -বাংলাদেশ সীমান্ত।লগতে অসম চুক্তিৰ প্ৰতিটো দফা আখৰে আখৰে পালন কৰিব বুলিও উল্লেখ কৰে।
অসম গণ পৰিষদৰ প্ৰতিনিধি দলটোত আছিল সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, ফণীভূষণ চৌধুৰী,ডাঃ কমলা কলিতা,ৰমেন্দ্ৰ নাৰায়ণ কলিতা,সত্যব্ৰত কলিতা, ভূপেন ৰায় তথা নৱনিৰ্বাচিত ৰাজ্যসভাৰ অগপ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য।
- Log in to post comments
- 17 views