কিয় বিধায়ক শিলাদিত্য দেৱৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পাৰোৱানা ?

sila

নিউজ ডেস্ক :

হোজাই সমষ্টিৰ বিজেপি বিধায়ক শিলাদিত্য দেৱলৈ গ্ৰেপ্তাৰী পাৰোৱানা জাৰি কৰিছে কৰিমগঞ্জৰ আদালতে।বিধায়কগৰাকীয়ে সাম্প্ৰদায়িক মন্তব্য কৰাৰ অভিযোগ তুলি কৰিমগঞ্জৰ জুনেইদ আহমেদ নামৰ এগৰাকী ব্যক্তিয়ে কৰিমগঞ্জৰ আদালতত এক গোচৰ ৰুজু কৰিছিল।


পৰৱৰ্তী সময়ত কৰিমগঞ্জৰ জিলা মূখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে তিনিবাৰকৈ বিধায়কগৰাকীক আদালতত সাজু হ'বলৈ নির্দেশ প্ৰদান কৰিছিল। কিন্তু বিধায়কগৰাকীয়ে তিনিবাৰকৈ আদালতৰ নির্দেশক অমান্য কৰি উপস্থিত নহ'ল।ফলত জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে বিধায়কগৰাকীলৈ গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিবলৈ বাধ্য হ'ল।সেই অনুসৰি অহা ২৩ জুলাইত বিধায়ক শিলাদিত্য দেৱক আদালতত হাজিৰ কৰাবলৈ নির্দেশ প্ৰদান কৰিছে।

Your Comments