কাকীৰ ছয়জন লোকে গাঁঠিৰ ধন খৰচ কৰি মেৰামতি কৰিলে গড়কাপ্তানী পথ

kaki

লঙ্কাৰ পৰা মনোজ পাঠকৰ প্রতিবেদন :
পৰিবৰ্তনৰ দোহাই দি ৰাজ্যখনৰ শাসনৰ বাঘজৰী হাতত লোৱা চৰকাৰৰ খনৰ দিনত আচলতে পৰিবৰ্তনৰ নামত হৈ আছে কি ? হোজাই জিলাৰ লামডিং সমষ্টিৰ অন্তৰ্গত কাকীৰ পথৰ ওপৰত পুখুৰী নে, পুখুৰীৰ ওপৰত পথ এক কথাত ধৰিবয়ে নোৱাৰি ৷ দীৰ্ঘদিন দুই নং কাকীৰ পৰা লংকালৈ যাতায়ত কৰা মুঠ আঠ কিলোমিটাৰ পথৰ ভিতৰত দুই কিলোমিটাৰ পথৰ অৱস্থা অতিকৈ শোচনীয়৷বহুবাৰ বিভাগীয় কৰ্তৃপক্ষ আৰু স্থানীয় বিধায়কক এই বিষয়ে অৱগত কৰাৰ পিছতো কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে৷kaki2

পথটোৰ পথচাৰী সকলে ভোগী অহা যমৰ যাতনাৰ  পৰা মুক্তি বিচাৰি দুই নং কাকী চাৰিআলিৰ ছয়জন সমাজ দৰদী যুৱক নামি পৰিল পথটোৰ মেৰামতিত৷নিজৰ গাঁঠিৰ ধন খৰচ কৰি এই ছয়যুৱকে এক্সকেভেটৰ ভাড়া কৰি লগালে পথটোৰ মেৰামতিত৷kaki3

পথটোৰ বৃহৎ আকাৰৰ গাত সমুহত ডাঙৰ ডাঙৰ শিল দি পথটো কৰি তুলিলে যাতায়ৰ উপযোগী। এতিয়া প্ৰশ্ন হয় এইয়াই নেকি শাসনাধিষ্ঠিত চৰকাৰৰ পৰিবৰ্তন? অসম চৰকাৰৰ বিয়াগোম গড়কাপ্তানী বিভাগ তথা স্থানীয় বিধায়ক শিবু মিশ্ৰৰো যেন আহৰি লবলৈ  এতিয়া আহৰি নাই। kaki5

 যদি ৰাইজেই গাঁঠিৰ ধন খৰচ কৰি পথ নিৰ্মাণ কৰিব লাগে তেতিয়াহলে ৰাইজে কিয় ৰাজহ দিয়ে,কিয়  উন্নয়ৰ বাবে প্ৰতিনিধি নিৰ্বাচনৰ কৰে সেয়া হৈছে এতিয়া এক লাখটকীয়া প্ৰশ্ন।

Your Comments