লংকাৰ পৰা মনোজ কুমাৰ পাঠক
প্ৰতিবাদমুখৰ হৈ পৰিছে ৰাজ্যৰ ঠিকাভিত্তিক টে'ট শিক্ষকসকল ।বিনাচৰ্তে টে'ট উত্তীৰ্ণ শিক্ষকৰ বেতন সুৰক্ষা আৰু চাকৰি নিয়মীয়াকৰণ কৰাৰ দাবীৰে টেট উৰ্ত্তীণ শিক্ষকসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। পৰিৱৰ্তনকামী চৰকাৰখনৰ ওপৰত গভীৰ আস্থা আৰু বিশ্বাসো আছিল প্ৰাথমিক টেট উত্তীৰ্ণ ঠিকাভিত্তিক শিক্ষকসকলৰ । কিন্তু,সকলো আশা যেন এতিয়া হেৰুৱাই পেলাইছে এইসকল টে'ট উত্তীৰ্ণ শিক্ষকে।তাৰ পৰিণতিত দিশহাৰা হৈ তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে।
হোজাই জিলাৰ সদৰ শংকৰদেৱ নগৰৰ উপায়ুক্ত কাৰ্যালয়তো মঙলবাৰে প্ৰতিবাদত নামিল হোজাই জিলাৰ প্ৰায় সহস্ৰাধিক ঠিকাভিত্তিক টে'ট শিক্ষক। ৰাজ্য চৰকাৰখনৰ শাসনৰ তিনিটা বছৰ অতিক্ৰম কৰাৰ পিছতো আজি পৰ্যন্ত চৰকাৰে ঠিকাভিত্তিক টে'ট শিক্ষকসকলৰ বেতন সুৰক্ষা আৰু চাকৰি নিয়মীয়াকৰণ নকৰাৰ প্ৰতিবাদত হাতে হাতে বেনাৰ-পোষ্টাৰ লৈ প্ৰতিবাদী সমদলৰে উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাবস্ত্য কৰে।
তদুপৰি,কিছুদিন পূৰ্বে শিক্ষা মন্ত্ৰীগৰাকীয়ে টে'ট শিক্ষকসকলক উদ্দেশ্য কৰি কৰা উপহাসসূচক মন্তব্য কৰাৰ বিৰুদ্ধেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে টে'ট শিক্ষকসকলে ।প্ৰতিবাদৰ অন্তত,টে'ট শিক্ষকসকলে উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে ।
লগতে, আগন্তুক ১০ দিনৰ ভিতৰত অসম চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই বিষয়টোত গুৰুত্ব আৰোপ নকৰিলে অহা ২৯ জুনত ৪১,০০০ টেট উত্তীৰ্ণ ঠিকাভিত্তিক শিক্ষকে 'দিছপুৰ চলো'ৰ দৰে বৃহৎ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী হাতত ল'ব বুলি জানিবলৈ দিয়ে ।
- Log in to post comments
- 24 views